এইবাৰ ফলৰ নাম সলনি কৰিলে চৰকাৰে! ‘ড্ৰেগন ফ্ৰুট’ৰ নাম সলনি কৰি দিলে এইটো নাম

নিউজ ডেস্ক। সমগ্ৰ বিশ্বতে ‘ড্ৰেগন ফ্ৰুট’ নামেৰে জনাজাত ফলবিধ এতিয়াৰেপৰা দেশত ‘কমলম’ ফ্ৰুট হিচাপে জনা যাব।

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে ড্ৰেগন ফ্ৰুটৰ এই দেশীয় নাম ৰাখিছে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ৰূপানীয়ে কয় যে ফলৰ নামত ড্ৰেগন শব্দৰ ব্যৱহাৰ সঠিক নহয়।

ড্ৰেগন ফ্ৰুট দেখিবলৈ পদুম ফুলৰ দৰে।

সেয়ে পুষ্টিকৰ ফলবিধৰ নাম পদুমৰ সংস্কৃত প্ৰতিশব্দ ‘কমলম’ ৰূপে ৰখা হৈছে।

গুজৰাটতেই নহয়, সমগ্ৰ দেশতে এতিয়াৰপৰা ড্ৰেগন ফ্ৰুটক কমলম ফ্ৰুট হিচাপে জনা যাব।

উল্লেখ্য যে গুজৰাটৰ বি বিভাগে ভাৰতীয় কৃষি অনুসন্ধান পৰিষদক ড্ৰেগন ফলৰ নাম কমলম ৰখাৰ প্ৰস্তাৱ দিছিল। কচ্চত প্ৰায় ১৫০ গৰাকী কৃষকে ২৭৫ একৰ ভূমিত এই ফলৰ খেতি কৰে।

লগতে চাওকঃ

মৰ্মান্তিক! ৰিজ’ৰ্টৰ তম্বুত নিশা কটােৱা অধ্যাপিকাৰ বন্যহাতীৰ আক্ৰমণত মৃত্যু

বিক্ৰী নহ’ল লটাৰীৰ টিকট! ১২ কোটি টকা লাভেৰে একেনিশাই কোটিপতি হ’ল এজন এজেন্ট

পেৰাগ্লাইডিঙৰ সময়ত শােকাৱহ দুৰ্ঘটনা! ৰছী ছিগি দুশ ফুট তললৈ পৰি নিহত দুই

ৰিজ’ৰ্টৰ গাড়ী ক্ষতিগ্ৰস্ত কৰাৰ চৰম শাস্তি! জ্বলন্ত টায়াৰেৰে বনৰীয়া হাতীক আক্ৰমণ, মৃত্যু

Leave a Comment