এইবাৰ ভিক্টৰ দাসৰ বাসগৃহত আৰক্ষীৰ অভিযান, জব্দ লেপটপ

এইবাৰ ভিক্টৰ দাসৰ বাসগৃহত আৰক্ষীৰ অভিযান, জব্দ লেপটপ

September 12, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত এটা মধ্যভােগী চক্ৰই বিভিন্ন পৰীক্ষাৰ্থীৰ পৰা ধনদাবী কৰা বুলি অভিযােগ তুলি গ্ৰেপ্তাৰ হােৱা ভিক্টৰ দাসৰ ঘৰত এইবাৰ চলিল মহানগৰ আৰক্ষীৰ অভিযান।

ভিক্টৰ দাসৰ দদৰা স্থিত বাসগৃহত উপস্থিত হয় পাণ বজাৰ আৰক্ষীৰ এটা অভিযানকাৰী দল।

জানিব পৰা মতে, এই অভিযানত আৰক্ষীয়ে এটা লেপটপৰ লগতে বিভিন্ন সামগ্ৰী জব্দ কৰিছে।

উল্লেখ্য যে শনিবাৰে আদালতত হাজিৰ কৰাৰ পিছতে ভিক্টৰ দাসক ৭ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে আদালতে।