এইবাৰ শিক্ষকৰ পৰা ঘােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া

এইবাৰ শিক্ষকৰ পৰা ঘােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া

August 17, 2022 Off By NEWS DESK

নিউজ ডেস্ক। পুনৰ চলিল সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

এইবাৰ কামৰূপ জিলাৰ ৰাণী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলালে ভিজিলেঞ্চে।

এই অভিযানত ৰাণী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া (BEEO) লাচিত বসুমতাৰীক এগৰাকী শিক্ষকৰ পৰা উৎকােচ লৈ থকা অৱস্থাত হাতে-লােটে ধৰা পেলায় ভিজিলেঞ্চৰ অভিযানকাৰী দলটােৱে।

জানিব পৰা মতে, শিক্ষকৰ সেৱা পুথি উন্নীতকৰণ আৰু এল পি চি জাৰি কৰাৰ বাবে উৎকোচ দাবী কৰিছিল বিষয়াজনে।

এই বিষয়া অভিযােগ লাভ কৰি বুধবাৰে দুৰ্নীতি নিবাৰকৰ দলে অভিযান চলাই তেওঁক হাতে-লােটে গ্ৰেপ্তাৰ কৰে।

তেওঁক বৰ্তমান কাৰ্যালয়তে জেৰা চলাইছে ভিজিলেঞ্চে।

এই কথা টুইট কৰি প্ৰকাশ কৰে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ মুৰব্বী, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে।

ইপিনে, কাৰ্যালয়টােৰ বাহিৰত ৰখাই থােৱা বিষয়াজনৰ বলেৰ’ বাহনৰ পৰা অভিযানকাৰী দলটাে নগদ ১ লাখ টকা জব্দ কৰে।