এইবাৰ সেনাৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল! সমগ্ৰ দেশতে স্থগিত ৰখা হ’ল পৰীক্ষা

নিউজ ডেস্ক। সমগ্ৰ দেশত হ’বলগীয়া ভাৰতীয় সেনাৰ সাধাৰণ কৰ্তব্য (GD) বিভাগৰ কৰ্মচাৰীৰ পৰীক্ষা বাতিল কৰা হ’ল।

প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবেই স্থগিত ৰখা হ’ল এই পৰীক্ষা।

পুনেত যোৱা নিশা কোনো দুৰ্বৃত্তই ফাদিল কৰে এই প্ৰশ্নকাকত। দেওবাৰে এই কথা জানিবলৈ দিয়ে সেনাৰ নিযুক্তি কৰ্তৃপক্ষই।

সেনাৰ এজন বিষয়াই কয় যে, সেনাৰ নিযুক্তিৰ শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰা হয়। মেধাৰ ভিত্তিত প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। সেয়েহে এই পৰীক্ষা বাতিল কৰা হয়।

এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে পুনে আৰক্ষী আৰু সেনাই। সেনা-আৰক্ষীৰ যৌথ অভিযানত এই কাণ্ডৰে জৰিত ৩ জনক পুনেৰ বাৰামাতিৰ পৰা আটক কৰা হয়। দোষীক কঠোৰ শাস্তি বিহাৰ কথা ঘোষণা কৰিছে সেনাই।

লগতে চাওকঃ

হাতেৰে ঘূৰালেই বাজি উঠে এক ব্যতিক্ৰমী বাঁহী! জাপানলৈ ৰপ্তানি কৰি চৰ্চিত এজন শিল্পী

G7

Leave a Comment