একেলগে জ্বলি উঠিল ৩ বন্ধুৰ চিতা! এমাহ পূৰ্বে বিয়াত বহা অংকনা এতিয়া হৈ পৰিছে দিকহাৰা

নিউজ ডেস্ক। একেলগে জ্বলি উঠিল ৩ বন্ধুৰ চিতা! এই চিতাৰ জুইয়ে যেন দেই নিলে গাঁওখনৰ প্ৰতিজন ব্যক্তিৰ হৃদয়।

শোকবিহ্বল হৈ পৰা গাঁওখনৰ বতাহত কেৱল ভাঁহি থাকিল কান্দোৰল ৰোল।

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত মৌৱাটাৰীত বুধবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় ৩ বন্ধুৱে।

কংকন অধিকাৰী

নিশা এখন পালছাৰ ২২০ বাইকেৰে আহি থকা সময়ত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ৰখাই থোৱা কণ্টেইনাৰৰ ট্ৰাকত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে বাইক আৰোহী তিনি বন্ধুৱে।

মমেন ৰায় (গাৰো)

এই শোকাবহ দুৰ্ঘটনাটোত সূর্য অধিকাৰীৰ পুত্ৰ কংকণ অধিকাৰী (২৭) আৰু ভূপেন ৰায়ৰ পুত্ৰ জিতু ৰায় (৩০)ৰ থিতাতে মৃত্যু ঘটে।

স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি আনজন আহত যুৱক প্রয়াত সুৰেশ ৰায়ৰ পুত্ৰ মমেন ৰায় (৩৫)ক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰে।

জীতু ৰায়

মমেনক প্ৰথমে চাপৰ হাস্পতাললৈ নিয়া হয় যদিও তাত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছতে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হয় উন্নত চিকিৎসাৰ বাবে। কিন্তু আদবাটতে প্ৰাণ হেৰুৱায় মমেনেও।

স্থানীয় লোকৰ সন্দেহ অনুসৰি সুৰাসক্ত হৈ বাহন চলোৱাৰ পৰিণতিতে সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে চাপৰৰ সত্যপুৰৰ নিৱাসী তিনি বন্ধুৰ এনেদৰে একেলগে মৃত্যুক লৈ অঞ্চলজুৰি সৃষ্টি হয় শোকাকুল পৰিৱেশৰ।

আনহাতে জানিব পৰা মতে, যোৱা ১০ মাৰ্চত বিবাহ সম্পন্ন হৈছিল মৃত কংকণ অধিকাৰীৰ। কিন্তু বিয়াৰ এমাহ সম্পূৰ্ণ নৌহওতেই চফল যুৱকজনে এনেদৰে দুই বন্ধুৰ সৈতে মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাই যেন সমগ্ৰ অঞ্চলটোক শোকবিহ্বল কৰি তুলিছে।

কংকণৰ এনে আকস্মিক মৃত্যুত দিকহাৰা হৈ পৰিছে সদ্যবিবাহিতা পত্নী অংকনা!

দুটি কণমানিৰ পিতৃ মমেন ৰায় আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী জিতু ৰায়ৰ পৰিয়ালতো মুহূৰ্তৰ ভিতৰতে নামি আহে কালসন্ধ্যা।

বৃহস্পতিবাৰে তিনি বন্ধুৰ নশ্বৰ দেহ বাসগৃহলৈ অনাৰ পিছতে পৰিয়ালত কান্দোনৰ ৰোল উঠে। এক বিষাদময় পৰিৱেশেৰে নিতাল মাৰে সমগ্ৰ অঞ্চল!

বিয়লি চাপৰ শ্মশানত অগণন লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয় তিনি বন্ধুৰ। গাঁওখনৰ তিনিজনকৈ যুৱকৰ একেলগে জ্বলি উঠা চিতাৰ জুইয়ে সকলোৰে মন দগ্ধ কৰে।

লগতে চাওকঃ

এইবাৰ একেলগে যুটি বান্ধিছে হিৰো আলম আৰু ভুৱন বাদ্যকাৰে! শীঘ্ৰে মুক্তি পাব নতুন গীত

Leave a Comment