এক অপূৰণীয়া ক্ষতি! বিশিষ্ট ছবি পৰিচালক গুণসিন্ধু হাজৰিকা আৰু নাই…

এক অপূৰণীয়া ক্ষতি! বিশিষ্ট ছবি পৰিচালক গুণসিন্ধু হাজৰিকা আৰু নাই…

January 29, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে অসমীয়া চলচ্ছিত্ৰৰ বিশিষ্ট পৰিচালক গুণসিন্ধু হাজৰিকাই।

দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থাকি হেঙেৰাবাৰীস্থিত হাউছিং কলনীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট পৰিচালকগৰাকীয়ে।

উল্লেখ্য যে, এক পথ দুৰ্ঘটনাত পতিত হৈ কেইবাবছৰ পূৰ্বে দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল গুণসিন্ধু হাজৰিকাই।

তথাপিও মনৰ উদ্যমেৰে নতুন জীৱন আৰম্ভ কৰা হাজৰিকাই লাহে লাহে ভুগিছিল শাৰীৰিক অসুস্থতাত।

তৰামাই, নয়ণমনি, সন্ধ্যাৰাগ, মণিৰাম দেৱান আদিৰ দৰে অসমীয়া ছবিৰ লগত তেওঁ জড়িত আছিল।

তদুপৰি অনিৰ্বাণ, ললিতা, আদালত, মৰমী আদি ছবিত সহঃ পৰিচালক হিচাপে তেওঁ কাম কৰিছিল।

পৰৱ্তী সময়ত হাজৰিকাই অবুজ বেদনা নামৰ অসমীয়া ছবিখনো পৰিচালনা কৰিছিল।

এইগৰাকী বিশিষ্ট ছবি পৰিচালকৰ বিয়োগত মৰ্মাহত হৈ পৰিছে ৰাজ্যৰ চলচ্ছিত্ৰ জগত।