এক দীৰ্ঘদিনীয়া সপোন পূৰণ হ’ল নীৰজ চোপ্ৰাৰ! পিছে সপোনটো আছিল কি?

নিউজ ডেস্ক। জীৱনত সপোন সকলোৱেই দেখে। ইয়াৰে কিছুমানৰ পূৰণ হয় আৰু কিছুমানৰ নহয়! কিন্তু পূৰণ হোৱা সকলৰ বাবে সেই প্ৰাপ্তি কিমান সুখকৰ হ’ব পাৰে, সেই কথা পোৱাজনেহে জানে।

ঠিক তেনেদৰে এইবাৰ সপোন পূৰণ হ’ল অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ। তেওঁৰ সপোন আছিল এদিন তেওঁ নিজৰ পিতৃ-মাতৃক উঠাব বিমানত। অৱশেষত পূৰণ হল তেওঁৰ সপোন।

E-kf-Ql-VQAMn7bk

পিতৃ-মাতৃক উঠালে চাৰ্টাৰ্ড বিমানত। পিতৃ-মাতৃৰ সৈতে বিমানত যোৱা দৃশ্য তেওঁ শ্বেয়াৰ কৰে টুইটাৰত। যিসমূহ দৃশ্যত তেওঁক অতি সুখী আৰু আনন্দিত যেন দেখা পোৱা গৈছে।

E-kf-Qq-UUAI8hk

দৃশ্য সমূহ শ্বেয়াৰ কৰি তেওঁ লিখে, “আজি জীৱনৰ এটা সপোন পূৰণ হ’ল। মা-দেউতাক প্ৰথমবাৰৰ বাবে বিমানত উঠাব পাৰিলো। সকলোৰে আশীৰ্বাদৰ বাবে চিৰ জীৱন কৃতজ্ঞ হৈ ৰ’ম।”

E-kf-Qr-Vg-AQOeie

উল্লেখ্য যে টকিঅ’ অলিম্পিক ২০২০ ত জেভলিন থ্ৰ’ত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচিছিল নীৰজ চোপ্ৰাই। ইয়াৰ পিছতেই তেওঁ দেশত হৈ পৰিছিল ষ্টাৰ। তেওঁৰ নামেৰে নামাকৰণো কৰা হৈছিল এটা ষ্টেডিয়াম।

উল্লেখ্য যে দেশৰ যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হৈ পৰা নীৰজ চােপ্ৰাই এই শেহতীয়া ফটাে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

লগতে চাওকঃ

সাপ্তাহিক ৰাশিফল

Leave a Comment