এটা পৰীক্ষাৰ ফলাফলে কাৰো ভাগ্য নিৰ্ণয় নকৰেঃ তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা দশম শ্ৰেণীৰ পৰীক্ষাৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰি ক’লে IAS বিষয়াই

নিউজ ডেস্কঃ ভাৰতীয় প্ৰশাসনিক বিষয়াৰ পৰীক্ষা দেশৰ ভিতৰতে আটাইতকৈ কঠিন পৰীক্ষা বোৰৰ ভিতৰত অন্যতম।

সাধাৰণতে দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ভাল নম্বৰ লাভ কৰা শিক্ষাৰ্থীহে এই পৰীক্ষাত সফল হ’ব পাৰে বুলি এটা ভ্ৰান্ত ধাৰণা আজিও চলি আহিছে।

কিন্তু এগৰাকী আইএএছ বিষয়াৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

আইএএছ বিষয়াগৰকীয়ে নিজেই শ্বেয়াৰ কৰা এই মাৰ্কশ্বীটে মনোবল বৃদ্ধি কৰিছে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখা অথচ দশম বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ভাল নম্বৰ লাভ নকৰা সকলৰো।

আইএএছ বিষয়া অৱনীশ চৰণে তেওঁৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে দশম শ্ৰেনীৰ পৰীক্ষাৰ মাৰ্কশ্বীট। য’ত তেওঁ তৃতীয় বিভাগত উত্তীৰ্ণ হৈও পৰৱৰ্তী সময়ত ভাৰতীয় প্ৰশাসনিক বিষয়া হিচাপে সেৱা আগবঢ়াবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, বিহাৰৰ নিৱাসী অৱনীশ চৰণে দশম শ্ৰেণীৰ পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা স্বত্বেও ২০০২ চনত ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈ সৰ্বভাৰতীয় পৰ্যায়ত দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

তেওঁ নিজেই স্বীকাৰ কৰা মতে, শৈশৱত পঢ়াশুনাৰ প্ৰতি কোনো বিশেষ আগ্ৰহ নাছিল তেওঁৰ। অৱশ্যে যেতিয়াই তেওঁ আইএএছ. বিষয়াসকলক দেখিছিল, তেওঁলোকৰ কামে তেওঁক যথেষ্ট আকৰ্ষিত কৰিছিল।

স্নাতক উত্তীৰ্ণ হোৱাৰ পিছতে তেওঁ ইউপিএছচিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। আৰু দ্বিতীয় প্ৰচেষ্টাতে ইউপিএছএচি পৰীক্ষাত সফলতা অৰ্জন কৰে৷

সামাজিক মাধ্যমত তেওঁৰ তৃতীয় বিভাগৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰাৰ সন্দৰ্ভত আইএএছ অৱনীশে কয় যে এইসময়ত বহুতো পৰীক্ষাৰ ফলাফল আহে।

পৰীক্ষাত কম নম্বৰ লাভ কৰাৰ বাবে শিক্ষাৰ্থীসকলৰ লগতে তেওঁলোকৰ অভিভাৱক সকলো বিচলিত হোৱা দেখা যায়।

সেয়েহে তেওঁ তেওঁৰ দশম মানৰ মাৰ্কশ্বীটৰ ফটো শ্বেয়াৰ কৰিছিল, যাতে সকলোৱে অনুপ্ৰেৰণা লাভ কৰে।

তেওঁ লগতে কয় যে এটা ফলাফলে কোনো ব্যক্তিৰ ভাগ্য নিৰ্ধাৰণ কৰিব নোৱাৰে। বৰং কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে যিকোনো স্থানত উপনীত হোৱাটো সম্ভৱ।

লগতে চাওকঃ

এইমছৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ অসমৰ প্ৰিয়ংকা বৰুৱাৰ