এতিয়াৰে পৰা ৰাজ্যত নাথাকিব ৰেভিনিউ টাউন, জানক কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে

নিউজ ডেস্ক। সোমবাৰে অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মেলযোগে জানিবলৈ দিয়ে এই সিদ্ধান্ত সমূহৰ বিষয়ে।

সোমবাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা অসমত নাথাকিব কোনো ৰেভিনিউ টাউন। পূৰ্বে মিউনিচিপাল বোৰ্ড নথকা ঠাই সমূহক ৰেভিনিউ টাউন হিচাপে জনা গৈছিল।

সেই ঠাইসমূহত টাউনৰ হিচাপত মাটিৰ কিস্তি দিবলগীয়া হৈছিল। কিন্তু এতিয়াৰে পৰা এই ব্যৱস্থা উঠাই লোৱাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। যাৰ পৰিৱৰ্তে টাউন আৰু পেৰিফেৰীয়েল এৰিয়া জিলা সদৰতহে থাকিব। ইয়াৰ ফলত দিব নালাগিব কোনো মাটিৰ প্ৰিমিয়াম।

ইফালে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা গাওঁ পঞ্চায়তৰ অধীনত প্ৰয়োজন নহয় ট্ৰেড লাইছেন্সৰ। অৱশ্যে মোবাইল টাৱাৰ, দেশী-বিদেশী সুৰা, শিক্ষানুষ্ঠান, প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ, ইটা ভাটা, নাৰ্ছিং হোমৰ বাবে ট্ৰেড লাইনেন্স লাগিব বুলি স্পষ্ট কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা শ্ৰমিকৰ সুৰক্ষাৰ বাবে স্বাস্থ্য আৰু পৰিৱেশৰ সবিশেষ অনলাইনত ৰেজিষ্টাৰ কৰাব লাগিব ৷ ৪০ বছৰৰ ওপৰৰ শ্ৰমিকৰ বছৰেকীয়া স্বাস্থ্য পৰীক্ষা কৰিব লাগিব৷ সমান্তৰালভাৱে শ্ৰমিকক প্ৰদান কৰিব লাগিব পৰিচয় পত্ৰ। এইসকলো ঠিক কৰিব লাগিব উদ্যোগ কৰ্তৃপক্ষই৷ ১০০ৰ ওপৰত শ্ৰমিক থকা উদ্যোগত শ্ৰমিক আৰু মালিকৰ এখন কমিটী গঠন কৰিব লাগিব৷

আনহাতে গুৱাহাটী পৌৰ সভাৰ নিৰ্বাচনত ইলেক্ট্ৰনিক ভোটিং মেছিন (ইভিএম) ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। তদুপৰি বাজেট বৰ্হিভূত ২০০ৰ পৰা ২০০০ টকালৈ কণ্ট্ৰীজেন্সী ফাণ্ড বৃদ্ধিৰো সিদ্ধান্ত লোৱা হৈছে সাপ্তাহিক কেবিনেট বৈঠকত।

Leave a Comment