এদিনতে সম্পন্ন লক্ষাধিক ক’ভিড পৰীক্ষা, ৬.੦২ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ-৮৯ জনৰ মৃত্যু

এদিনতে সম্পন্ন লক্ষাধিক ক’ভিড পৰীক্ষা, ৬.੦২ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ-৮৯ জনৰ মৃত্যু

May 19, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসম চৰকাৰে ক’ভিড-১৯ৰ সংক্ৰমণ ৰােধৰ বাবে লােৱা কেতবােৰ পদক্ষেপৰ ইতিবাচক ফলাফল যেন ক্ৰমাৎ প্ৰকাশ পাইছে।

বিগত দুদিন ধৰি ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে ক’ভিডত সংক্ৰমণৰ হাৰ। অৱশ্যে উদ্বেগজনকভাৱে হ্ৰাস পােৱা নাই ক’ভিডত মৃত্যু হােৱা লােকৰ সংখ্যা।

বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘন্টাত ৰাজ্যজুৰি সংক্ৰমণৰ হাৰ ৬.੦২ শতাংশ।

তেওঁ প্ৰকাশ কৰা অনুসৰি, দিনটােত ১,੦২,੦৪੦ জনৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰ মাজতে ৬,১৪৩ জনক ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

উল্লেখ্য যে সােমবাৰে এই হাৰ আছিল ৬.৯৯ শতাংশ। মংলগবাৰে এই হাৰ আছিল ৬.৪৭ শতাংশ।

দিনটােত ক’ভিড-১৯ৰ সংক্ৰমণৰ ফলত ৮৯ জনৰ মৃত্যু হয় বুলি মুখ্যমন্ত্ৰীয়ে টুইটাৰত প্ৰকাশ কৰে।

ইপিনে, গুৱাহাটী মেট্ৰ’ জিলাত সংক্ৰমিত লােকৰ সংখ্যা ৯১৩ লৈ নামিছে। মংগলবাৰেও এই সংখ্যা আছিল ৯২১ জন।

উল্লেখ্য যে সােমবাৰ পৰ্যন্ত প্ৰতিদিনে গুৱাহাটী মেট্ৰ’ত সংক্ৰমিত লােকৰ সংখ্যা ১ হাজাৰ অতিক্ৰম কৰিছিল।

ক’ভিড ৰােগীৰ মৃত্যুৰ ক্ষেত্ৰত পুনৰবাৰ শীৰ্ষত আছে গুৱাহাটী মেট্ৰ’ জিলা। দিনটােত ২৬ জন ক’ভিড ৰােগীৰ জিলাখনত মৃত্যু ঘটে।

ইয়াৰ লগতে কামৰূপ জিলাত আৰু ডিব্ৰুগড় জিলাত ৮ জনকৈ, কাৰ্বি আংলং জিলাত ৬, কাছাৰত ৫, যােৰহাট-মৰিগাঁও-শােণিতপুৰ-তিনিচুকীয়াত ৩ জনকৈ, বৰপেটা-চৰাইদেউ-গােৱালপাৰা-হােজাই-কােকৰাঝাৰ-নগাঁও-শিৱসাগৰ-ওদালগুৰি জিলাত ২ জনকৈ আৰু বিশ্বানথ-বঙাইগাঁও-দৰং-ধুবুৰী-ধেমাজী-হাইলাকান্দি-নলবাৰী জিলাত ১ জনকৈ ক’ভিড ৰােগীৰ মৃত্যু হয়।

ইপিনে, ৰাজ্যজুৰি ৪,੦৫৭ জন লােক ক’ভিডৰ পৰা সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। ৰাজ্যত সক্ৰিয় ক’ভিড-১৯ ৰােগীৰ সংখ্যা ৪৮,৩৯੦ জনলৈ বৃদ্ধি পাইছে।