এদিন পিতৃ-মাতৃয়ে কৰিছিল এলাগী, আজি চৰকাৰী চাকৰিৰে স্বনিৰ্ভৰশীল দুই সংযুক্ত যমজ ভাতৃ

এদিন পিতৃ-মাতৃয়ে কৰিছিল এলাগী, আজি চৰকাৰী চাকৰিৰে স্বনিৰ্ভৰশীল দুই সংযুক্ত যমজ ভাতৃ

December 25, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অমৃতসৰৰ ২ যমজ ভাতৃ চোহনা আৰু মোহনাই লাভ কৰিছে চৰকাৰী চাকৰি।

পঞ্জাৱ ষ্টেট পাৱাৰ কৰ্পোৰেচন লিমিটেডত (পিএছপিচিএল) নিযুক্তি লাভ কৰিছে সংযুক্ত শৰীৰৰ যমজ ভাতৃদ্বয়ে।

FHTu-Rls-X0-AAkd-Vf

১৯ বছৰীয়া চোহনা আৰু মোহনাই ইতিমধ্যে যোৱা ২০ ডিচেম্বৰত চাকৰিত যোগদান কৰি সম্পাদন কৰিছে দায়িত্ব।

বিদ্যুৎ বিভাগত বৈদ্যুতিক সঁজুলিবোৰ চোৱাচিতা কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে তেওঁলোকক।

চাকৰি লাভ কৰাৰ পিছত তেওঁলোকক এই সুযোগ প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু শুভাকাংক্ষী সকলক কৃতজ্ঞতা জনায় চোহনা আৰু মোহনাই।

FHRYr-NTVQAUp-Vmc

উল্লেখ্য যে, ২০০৩ চনৰ ১৪ জুনত নতুন দিল্লীত দুটা বৃক্ক,দুডাল মেৰুদণ্ড, দুটা হৃদযন্ত্ৰ কিন্তু দুখন ভৰি আৰু এটা যকৃতৰে সৈতে জন্মলাভ কৰিছিল যমজ ভাতৃদ্বয়ে।

দুই ভাতৃ ইজনে আনজনৰ শৰীৰৰ সৈতে সংযুক্ত হৈ থকাৰ বাবেই সৰুতেই তেওঁলোকক এৰি থৈ গৈছিল পিতৃ-মাতৃয়ে।

FHXQIo-PVIAQg-RLt

কিন্তু স্থানীয় লোকে উদ্ধাৰ কৰি আৰক্ষীৰ সহায়ত এইমছত ভৰ্তি কৰায়। চিকিৎসকে প্ৰথমে দুয়োকে পৃথক কৰাৰ চিন্তা চৰ্চা চলাইছিল যদিও এটা যকৃত আৰু পিত্তথলীৰ ওপৰতে দুয়োটা শৰীৰ নিৰ্ভৰশীল হোৱাত পিছত চিকিৎসকে সেই চিন্তা বাদ দিয়ে।

পৰৱৰ্তী সময়ত দুই যমজ ভাতৃক অমৃতসৰৰ স্বেচ্ছাসেৱী সংস্থা পিঙ্গলৱাৰালৈ স্থানান্তৰিত কৰা হয়। তাতেই ভাতৃদ্বয়ৰ নাম চোহনা আৰু মোহনা ৰাখে।

আনহাতে তাতেই তেওঁলোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ লগতে আইটিআই ডিপ্লোমা (বৈদ্যুতিক)ও লাভ কৰে।