
এপদ এপদকৈ তাই বস্তুবোৰ গোটাইছিল! স্বাস্থ্যমন্ত্ৰীৰ সন্মুখত কান্দি কান্দি কৈ উঠিল তেজস্বিতাৰ পিতৃয়ে…
October 6, 2022নিউজ ডেস্কঃ মাজুলীৰ প্ৰতিভাসম্পন্ন শিশুশিল্পী তেজস্বিতাৰ মৃত্যুক লৈ ব্যথিত সমগ্ৰ ৰাজ্যবাসী।
তেজস্বিতাই উন্নত চিকিৎসা লাভ নকৰাৰ বাবেই হাস্পতালত মৃত্যুক সাৱটি ল’বলগীয়া হোৱাৰ অভিযোগ পৰিয়ালৰ।

পৰিয়াল আৰু মাজুলীবাসীৰ এই অভিযোগে জোকাৰণি তুলিছে দিছপুৰৰ গাদীতো।
সেয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আজি ততাতৈয়াকৈ মাজুলীত উপস্থিত হৈ তেজস্বিতাৰ পিতৃ-মাতৃক সাক্ষাৎ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

১৪ বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুৰ তদন্ত কৰিবলৈ মাজুলীত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সন্মুখতে হিয়া ধুনি কান্দি উঠিল তেজস্বিতাৰ পিতৃ-মাতৃয়ে।
উল্লেখ্য যে, তেজস্বিতাৰ সংগীতানুষ্ঠানলৈ অহা-যোৱাত অসুবিধা নহ’বলৈ মাত্ৰ ৪ দিন পূৰ্বে এখন চাৰিচকীয়া বাহন কিনি দিছিল পিতৃয়ে।

এপদ এপদকৈ সংগীতৰ সৈতে জড়িত প্ৰতিটো সামগ্ৰী গোটাইছিল তেজস্বিতাইও।
নিজৰ কণ্ঠৰে এদিন জগত জিনাৰ সপোন দেখা তেজস্বিতাৰ মৃত্যুৱে বুকুৰ ভিতৰৰ পৰা খুন্দি পেলাইছে পিতৃ-মাতৃ তথা আত্মীয়সকলক।
সেয়ে তেজস্বিতাৰ দৰে যাতে মাজুলীৰ আন কোনোৱে মৃত্যুক সাৱটি ল’বলগীয়া নহয়, তাৰ বাবে তেজস্বিতাৰ নামত মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে স্বাস্থ্যমন্ত্ৰীৰ সন্মুখতে কৰযোৰে আহ্বান জনালে পিতৃয়ে।
তদুপৰি সময়ে সময়ে হেলিকপ্টাৰত উঠি মাজুলী ভ্ৰমণ কৰা নেতা-মন্ত্ৰী-বিধায়কে চিন্তা কৰিবলৈ পাহৰি যোৱা মাজুলীৰ দলংখনো শীঘ্ৰে নিৰ্মাণ কৰিবলৈ আহ্বান জনায় পিতৃ-মাতৃয়ে।
[…] […]