এম্বুলেন্স নাহিল! অৱশেষত এক্সভেটৰত উঠাই পথ দুৰ্ঘটনাত আহত যুৱকক হাস্পতাললৈ লৈ গ’ল ৰাইজে, ভাইৰেল ভিডিঅ’

এম্বুলেন্স নাহিল! অৱশেষত এক্সভেটৰত উঠাই পথ দুৰ্ঘটনাত আহত যুৱকক হাস্পতাললৈ লৈ গ’ল ৰাইজে, ভাইৰেল ভিডিঅ’

September 13, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ সময়মতে ১০৮ এম্বুলেন্স সেৱা লাভ নকৰাৰ বাবেই এক্সভেটৰেৰে হাস্পতাললৈ লৈ যাবলগীয়া হ’ল দুৰ্ঘটনাগ্ৰস্ত এজন যুৱকক।

সামাজিক মাধ্যমত দুৰ্ঘটনাত আহত এজন যুৱকক এক্সভেটৰত উঠাই হাস্পতাললৈ নিয়াৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই ঘটনাৰ স্থান মধ্যপ্ৰদেশৰ কটনী। জানিব পৰা মতে, মঙলবাৰে কটনীত সংঘটিত এক পথ দুৰ্ঘটনাত আহত হৈছিল এজন যুৱক।

দুৰ্ঘটনাৰ পিছত স্থানীয় লোকে ১০৮ লৈ ফোন কৰে যদিও আধাঘণ্টাতকৈও অধিক সময় পাৰ হোৱাৰ পিছতো এম্বুলেন্স উপস্থিত নোহোৱাত অৱশেষত স্থানীয় লোকে এক্সভেটৰৰ জৰিয়তে যুৱকজনক হাস্পতাললৈ লৈ যায়।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যুৱকজনক এস্কেভেটৰেৰে চিকিৎসালয়লৈ লৈ যোৱাৰ ভিডিঅ’৷