এয়াই অনন্য ভাৰত! আৰৱী ভাষাত সাৱলীলভাৱে কোৰআন আবৃত্তি কৰি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ এগৰাকী হিন্দু ছাত্ৰীৰ…

এয়াই অনন্য ভাৰত! আৰৱী ভাষাত সাৱলীলভাৱে কোৰআন আবৃত্তি কৰি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ এগৰাকী হিন্দু ছাত্ৰীৰ…

November 22, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ হিন্দু হৈও কোৰআন আবৃত্তি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীয়ে।

কেৰালাৰ কোঝিকোডৰ চেম্মাৰাথুৰ এল পি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী পাৰ্বতীয়ে অলপতে এক প্ৰতিযোগিতাত অংশ লৈ সাৱলীলভাৱে আৰৱী ভাষাৰ কোৰআন আবৃত্তি কৰি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

পাৰ্বতীয়ে কোঝিকোডত অনুষ্ঠিত থোডান্নুৰ মহকুমা কলা মহোৎসৱত কোৰআন আবৃত্তি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ভূয়সী প্ৰশংসাও লাভ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, পাৰ্বতীৰ যমজ ভগ্নী পাৰৱানাও আৰৱী ভাষা সাৱলীলভাৱে ক’ব আৰু পঢ়িব জানে।

এই দুই ভগ্নীয়ে বিদ্যালয়ৰ শিক্ষক ৰুকাইইয়াৰ পৰা আৰৱী ভাষা শিকিছিল।

উল্লেখ্য যে, কোঝিকোডত আইটি পেছাদাৰী হিচাপে কৰ্মৰত পাৰ্বতীৰ পিতৃ নলীশ ববী আৰু ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী মাতৃ দীনা প্ৰভাই দুয়ো ভগ্নীক নতুন নতুন ভাষা শিকাৰ বাবে সদায় উৎসাহিত কৰি আহিছে।