এসময়ৰ কৃতী শিক্ষাৰ্থী পৱন বৰঠাকুৰ হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব…

এসময়ৰ কৃতী শিক্ষাৰ্থী পৱন বৰঠাকুৰ হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব…

August 12, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে পৱন কুমাৰ বৰঠাকুৰক। বৰ্তমান অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বৰঠাকুৰক বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ স্থানত নিযুক্তি প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, অহা ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰিব মুখ্য সচিব জিষ্ণু বৰুৱাই। তাৰ পিছত একেদিনাই মুখ্য সচিবৰ কাৰ্যভাৰ গ্ৰহণ কৰিব পৱন কুমাৰ বৰঠাকুৰে।

ইফালে মুখ্য সচিব পদৰ পৰা অৱসৰ গ্ৰহণৰ পিছতে দুবছৰৰ বাবে এপিডিচিএলৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিব জিষ্ণু বৰুৱাই।

প্ৰণিধানযোগ্য যে, ৰাজ্যৰ এগৰাকী কৃতি শিক্ষাৰ্থী হিচাপে পৰিচিত আছিল পৱন কুমাৰ বৰঠাকুৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰা পৱন বৰঠাকুৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাতো সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

পৰৱৰ্তী সময়ত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেন্স ক’লেজৰ পৰা পদাৰ্থ বিজ্ঞানক বিষয় হিচাপে লৈ বিএছচিত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰাই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী সম্পন্ন কৰে।

তদুপৰি ইংৰাজী আৰু অৰ্থনীতি বিষয় লৈ এম এ ডিগ্ৰী লাভৰ লগতে এমবিএও(বিত্ত) কৰে বৰঠাকুৰে। অন্যহাতে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাতো তেওঁ দেশৰ ভিতৰতে সপ্তদহ স্থান লাভ কৰিবলৈ সক্ষম হয়।