এয়াই জীৱন যুদ্ধ! এমুঠি ভাতৰ বাবে ৰে’লৰ ভিতৰত চকলেট বিক্ৰী এগৰাকী বৃদ্ধাৰ, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ জীয়াই থকাৰ তাড়নাই মানুহক কাম কৰিবলৈ সাহস দিয়ে। সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এমুঠি ভাতৰ বাবে এগৰাকী বৃদ্ধাই কৰা সংগ্ৰামৰ এক ভিডিঅ’।

ভাইৰেল ভিডিঅ’টোত এগৰাকী বৃদ্ধাক ৰে’লত যাত্ৰীসকলক চকলেট আৰু অন্য খাদ্য সামগ্ৰী বিক্ৰী কৰা দেখা গৈছে। ভিডিঅ’টো মায়ানগৰী মুম্বাই বুলি জানিব পৰা গৈছে।

সামাজিক মাধ্যমত এগৰাকী ৰে’ল যাত্ৰীয়ে বৃদ্ধা গৰাকীৰ জীৱন সংগ্ৰামৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোৰ বেকগ্ৰাউণ্ডত চলি থকা ‘মনা কি মুষ্কিল হ্যে চফৰ পৰ চুন ও মুছাফিৰ’ গীতটোৱে অধিক হৃদয়স্পৰ্শী কৰি তুলিছে যেন বৃদ্ধা গৰাকীৰ জীৱন কাহিনী।

ভিডিঅ’ প্ৰত্যক্ষ কৰি ভাবুক হৈ পৰিছে নেট ব্যৱহাৰকাৰী সকল। জীয়াই থকাৰ তাড়নাত আৰু এমুঠি ভাতৰ বাবে এনেদৰে ৰে’লৰ ভিতৰত খাদ্য সামগ্ৰী বিক্ৰী কৰা বৃদ্ধা গৰাকীৰ দীৰ্ঘায়ু কামনা কৰিছে সকলোৱে।