নিউজ ডেস্কঃ বিভিন্ন কাৰণত বহুবাৰ বিমানত গুৱাহাটীৰ পৰা দিল্লী আৰু দিল্লীৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছে বিধায়ক অখিল গগৈয়ে। কিন্তু এইবাৰ এটা বিশেষ যাত্ৰাৰ কথাহে তেওঁ সামাজিক মাধ্যমযোগে সদৰী কৰিছে।
এই যাত্ৰাটো ভিষ্টাৰা এয়াৰলাইনযোগে তেওঁৰ গুৱাহাটীৰ পৰা দিল্লী যাত্ৰাৰ।
এই যাত্ৰাৰ সময়ত তেওঁ লগ পোৱা ভিষ্টাৰা এয়াৰ লাইনত কৰ্মৰত উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচাৰিকাসকলৰ ব্যৱহাৰ আৰু আপ্যায়নত অভিভূত হৈ পৰে।
আনহাতে বিমান যাত্ৰাৰ সময়ত অখিল গগৈক আতিথ্য প্ৰদান কৰিবলৈ পাই আনন্দিত হৈ পৰে বিমান পৰিচাৰিকাসকলো। যাৰ বাবে এখন টিছু পেপাৰতে বিধায়কগৰাকীলৈ কৃতজ্ঞতামূলক কিছু শাৰী লিখি উপহাৰ হিচাপে প্ৰদান কৰে পৰিচাৰিকাগৰাকীয়ে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/09/image-40.png?resize=720%2C960&ssl=1)
বিধায়ক অখিল গগৈয়ে তেওঁৰ এই বিমান যাত্ৰাৰ সুখকৰ অনুভৱ ব্যক্ত কৰি সামাজিক মাধ্যমত লিখিছে, ”গুৱাহাটীৰ পৰা দিল্লীলৈ বিমান যাত্ৰা সদায়ে সুখকৰ, যদিও আজি বিশেষ আছিল। ভিষ্টাৰা দলটোৰ আতিথ্য অতিশয় শলাগনীয় আৰু প্ৰশংসাৰ যোগ্য।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/09/image-39.png?resize=729%2C1024&ssl=1)
উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীয়ে সঁচাকৈয়ে নিজৰ বৃত্তিত ভাল কাম কৰি আছে সেয়া দেখি মই অতি আনন্দিত। ধন্যবাদ শ্বানু, ৰেঞ্চ, কাজল, আৰতি আৰু নিখিলা।’
লগতে চাওকঃ
সফলতা গছত লগা ফল নহয়! পথাৰত হাল বাই, শাক-পাচলি বিক্ৰী কৰি অৱশেষত আৰক্ষী কমাণ্ডো হ’ল টিংখঙৰ মায়াদেৱী…
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/09/photo1663752600-1.jpeg?resize=889%2C458&ssl=1)
শোকাবহ! জম্মু-কাশ্মীৰত মৃত্যু সুৰক্ষা বাহিনীত কৰ্তব্যৰত অসম সন্তান দুলাল শৰ্মাৰ, শোকস্তব্ধ পৰিয়াল…
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/09/photo1663759181.jpeg?resize=889%2C458&ssl=1)