কংগনাৰ ‘ইমাৰজেন্সী’ত গোৱালপাৰাৰ চিন্ময় ৰাভা, কৰি আছে এই কাম…

কংগনাৰ ‘ইমাৰজেন্সী’ত গোৱালপাৰাৰ চিন্ময় ৰাভা, কৰি আছে এই কাম…

November 28, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ শৈশৱৰ পৰাই কেমেৰাটোৰ সৈতে নিবিড় সম্পৰ্ক স্থাপন কৰা গোৱালপাৰাৰ চিন্ময়লৈ অৱশেষত আহিল এক ডাঙৰ সুযোগ।

বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট বৰ্তমান ‘ইমাৰজেন্সী’ৰ শ্বুটিঙত ব্যস্ত আছে অসমত।

অসমৰ বিভিন্ন মনোমহা লোকেশ্যনত চলি আছে এই ছবিখনৰ দৃশ্যগ্ৰহণ।

কংগণা ৰানাৱটৰ এই দৃশ্যগ্ৰহণ চলি থকা ছবিখনতেই সহযোগী কেমেৰা পাৰ্চন হিচাপে সুযোগ লাভ কৰিছে গোৱালপাৰা জিলাৰ দুধনৈৰ অন্তৰ্গত এখন অতি ভিতৰুৱা গাঁও বেল্ডেংপাৰাৰ চিন্ময় ৰাভাই।

উল্লেখ্য যে, পূৰ্বে কেইবাটাও মিউজিক ভিডিঅ’ৰ কাম কৰা চিন্ময়ৰ বাবে ‘ইমাৰজেন্সী’য়েই হৈছে তেওঁ কাম কৰা প্ৰথমখন ছবি।

ইতিমধ্যে কেমেৰা, ড্ৰোণেৰে চিন্ময়ে চলাই গৈছে ইমাৰজেন্সীৰ শ্বুটিং।

অসমৰ এখন অতি ভিতৰুৱা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে বলিউডৰ এনে এখন বিগ বাজেটৰ ছবিৰ সৈতে জড়িত হোৱাৰ সুযোগ লাভ কৰাক লৈ উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী।