কইনা আনিবলৈ গৈ দুৰ্ঘটনাত পতিত বৰযাত্ৰীৰ বাহন, দৰাসহ ৮ জনৰ মৃত্যু! নিঃশেষ হল এটা পৰিয়াল

এক ভয়ংকৰ দুৰ্ঘটনাত নিঃশেষ হল এটা পৰিয়াল!

বিয়াৰ আনন্দ উলহৰ মাজতে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিয়াৰ দৰাসহ ৮ জনকৈ লোকে।

দেওবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ কোটাত।

জানিব পৰা মতে, চম্বল নদীত পুৱা নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বৰযাত্ৰীৰ এখন বাহন।

যাৰ ফলত দৰাৰ লগতে একেটা পৰিয়ালৰ সদস্যসহ মুঠ ৮ জন লোকৰ কৰুণ মৃত্যু ঘটে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ক্ৰেইনৰ সহায়ত নৈৰ বুকুৰ পৰা দুৰ্ঘটনাত পতিত বাহনখন উদ্ধাৰ কৰে।

কিন্তু তেতিয়ালৈকে বাহনখনৰ ভিতৰত থকা ৮ জন লোকৰ কৰুণ মৃত্যু ঘটে।

নিহত দৰাজনৰ নাম অবিনাশ (২৩) বুলি জানিব পৰা গৈছে।

ইয়া উপৰি আন নিহতৰ নাম হৈছেঃ কেশৱ, ইছলাম খান, কুশল, শুভম, ৰাহুল, ৰােহিত কুমাৰ, বিকাশ, মুকেশ।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ভুল পথেৰে যাত্ৰা কৰাৰ সময়তে সৰু দলঙত বাহনখন উঠে আৰু নিয়ন্ত্ৰণ হেৰুৱাই নদীত পৰে।

Leave a Comment