
কণমানি ৰিয়ানৰ প্ৰথমটো জন্মদিনৰ বাবে ঘৰত চলিছিল প্ৰস্তুতি, ঘটিল শােকাৱহ ঘটনা…
August 26, 2021নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। আনন্দৰ মূহুৰ্ত হৈ পৰিল বিষাদৰ মূহুৰ্ত।
জন্মৰ পিছৰ প্ৰথমটো জন্মদিনৰ দিনাই খেলি থাকোতে ১২ নম্বৰ মহলাৰ পৰা পৰি মৃত্যু শিশুৰ।
এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ কাচা গ্ৰীণছ ফৰেষ্ট হাউচিং ছছাইটিত।
মৃত শিশুটিক ৰিয়ান কাসাৰা বুলি জানিব পৰা যায়।
জানিব পৰা মতে, সোমবাৰে শিশুটিৰ আছিল প্ৰথমটো জন্মদিন। পৰিয়ালৰ লোক সকল জন্মদিন উদযাপনৰ বাবে কাম কৰাত ব্যস্ত হৈ আছিল।
সেই সময়ত শিশুটিৱে ভিতৰতে খেলি আছিল। কিন্তু হঠাতে শিশুটি নিজৰ ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যায়।
বাহিৰলৈ গৈ শিশুটিয়ে দুৱাৰ মুখত থকা চিৰিৰ ৰেলিঙৰ ফাকেৰে ওলাই যাবলৈ চেষ্টা কৰোঁতেই একেবাৰে তললৈ সৰি পৰে।
শিশুটিক নেদেখি সকলোৱে বিচাৰ কৰে। কিন্তু পিছত জানিব পাৰে যে শিশুটি তলত পৰি আছে। পৰিয়ালৰ লোক তলত গৈ শিশুটিক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। এই দৃশ্য বন্দী হয় চিচি টিভিৰ কেমেৰাত।
স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাটো সোমবাৰে আবেলি কাচা গ্ৰীণছ ফৰেষ্ট হাউচিং ছছাইটিত সংঘটিত হয়।
সেইদিনা সত্যেন্দ্ৰ কাসানাৰ পুত্ৰ ৰিয়ানৰ প্ৰথম জন্মদিন আছিল। তেওঁলোক হাউচিং ছছাইটিৰ ১২ নম্বৰ মহলাত বাস কৰে। আৰু তাৰ পৰা তললৈ পৰি শিশুটিৰ মৃত্যু হয়। শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।