কণিষ্ঠ অভিযন্তাৰ চাকৰি লাভ কৰিছিল সৌৰভে! কিন্তু যোগদান কৰিবলৈ যোৱাৰ পথতে ঘটিল অঘটন…

কণিষ্ঠ অভিযন্তাৰ পদত নিযুক্তি লাভ কৰিছিল তেওঁ। কিন্তু যোগদান কৰিবলৈ গৈ থকা সময়তে শোকাবহ দুৰ্ঘটনাত নিমিষতে নিঃশেষ হৈ গল সমস্ত সপোন।

হিমাচল প্ৰদেশৰ চম্বাত সংঘটিত দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে সৌৰভ মেহৰা নামৰ এজন ২৪ বছৰীয়া যুৱকৰ।

দুৰ্ঘটনাত যুৱকজনৰ পিতৃ আৰু এজন ব্যক্তিও গুৰুত্বৰভাৱে আহত হয়।

1

দৰাচলতে, শুকুৰবাৰে চম্বা-পাঠানকোট ৰাষ্ট্ৰীয় ঘাইপথৰ পাঞ্জপুলাৰ ওচৰত এই ঘটনা সংঘটিত হয়।

পাহাৰীয়া পথটোৰে গৈ থকা বাহনখনত এটা প্ৰকাণ্ড শিল বাগৰি পৰাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

2

জানিব পৰা মতে, কাংৰা জিলাৰ নুৰপুৰ নিবাসী সৌৰভ মেহৰা নামৰ যুৱকজনে কণিষ্ঠ অভিযন্তাৰ এটা চাকৰি লাভ কৰিছিল।

শুকুৰবাৰে যুৱকজনে পিতৃ মনোহৰ লালক লগত লৈ চাকৰিত যোগদানৰ বাবে চম্বালৈ গৈ থকা সময়তে পাঞ্জপুলাৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা।

3

যাৰ ফলত সৌৰভ মেহৰাৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

ইফালে তেওঁৰ পিতৃ মনোহৰ লাল আৰু তেওঁলোকে লৈ অনা বাহনখনৰ চালক সুনীল কুমাৰ গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।

Leave a Comment