
ক’ত গ’ল মামু বেগম? দুসপ্তাহ ধৰি সন্ধানহীন হৈ থকা বোৱাৰীগৰাকীক বিচাৰি হাহাকাৰ পৰিয়ালৰ…
November 16, 2022নিউজ ডেস্কঃ গোলাঘাট জিলাৰ খুমটাইৰ দুই সন্তানৰ মাতৃ এগৰাকী মহিলাৰ সন্ধানহীন হৈ থকাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
জানিব পৰা মতে, বিগত দুটা সপ্তাহধৰি সন্ধানহীন হৈ আছে খুমটাইৰ বাদুলিপাৰ বুঢ়ালিকচন গাঁৱৰ বোৱাৰী মামু বেগম (৩৮) নামৰ মহিলাগৰাকী।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, এগৰাকী ১৮ বছৰীয়া কন্যা আৰু এটি ১২ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ মহিলাগৰাকীয়ে দুসপ্তাহপূৰ্বে কোনো কামত ঘৰৰ পৰা ওলাই গৈছিল।

কিন্তু তাৰ পিছৰে পৰা মহিলাগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালে বিচাৰ খোচাৰ আৰম্ভ কৰে।
পৰিয়ালৰ লোকে চৌপাশে বিচাৰ খোচাৰ কৰিও মহিলাগৰাকীৰ কোনো সন্ধান লাভ নকৰাত অৱশেষত আৰক্ষীৰ কাষ চাপে।
আৰক্ষীয়েও মহিলাগৰাকীৰ সন্ধানত অভিযান চলাই আছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।
কোনো লোকে মহিলাগৰাকীক দেখা পালে 99548-35422 নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনাইছে পৰিয়ালে।
[…] ক’ত গ’ল মামু বেগম? দুসপ্তাহ ধৰি সন্ধান… […]
[…] ক’ত গ’ল মামু বেগম? দুসপ্তাহ ধৰি সন্ধান… […]