কনভয় এৰি ১੦৮ এম্বুলেঞ্চত উঠিল মন্ত্ৰী বিমল বৰা, দুৰ্ঘটনাত পতিত যুৱকলৈ আগবঢ়ালে সহায়ৰ হাত

নিউজ ডেস্কঃ নিৰ্বাচনত জয়ী হৈ নেতা, মন্ত্ৰী, জনপ্ৰতিনিধিয়ে সাধাৰণ জনতালৈ পিঠি দিয়াটো নতুন কথা নহয়।

তাৰ বিপৰীতে যেতিয়া কোনো ৰাজনৈতিক নেতা অথবা মন্ত্ৰীয়ে মানুহৰ দুঃসময়ত কাষত থিয় হয়, তেতিয়া সিয়ে এক নজিৰ সৃষ্টি কৰে।

ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাইও দুৰ্ঘটনাত পতিত এজন যুৱকক নিজেই এম্বুলেন্সত উঠাই হাস্পতাললৈ লৈ যোৱা ঘটনাই জনতাৰ বিশ্বাস জয় কৰিছে।

দৰাচলতে দেওবাৰে সন্ধিয়া টিংখাং সমষ্টিৰ অন্তৰ্গত ৫২-বি নং ৰাষ্ট্ৰীয় ঘাইপথৰ লেঙেৰী নখাটৰ সমীপত দুৰ্ঘটনাত পতিত হয় এজন যুৱক।

সন্ধিয়া প্ৰায় ৭ বজাত ঘাইপথৰে খোজ কাঢ়ি গৈ থকা চাংমাই গাঁৱৰ এজন যুৱকক এখন মাৰুটি ৱেগনআৰ বাহনে খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় যুৱকজন।

আনহাতে সেই সময়ত দুৰ্ঘটনাস্থলীৰ পৰা কিছু নিলগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থকা শক্তিমন্ত্ৰী বিমল বৰাই দুৰ্ঘটনাৰ খবৰ লাভ কৰে।

লগে লগে ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ১০৮ যোগে আহত যুৱকজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰে।

তদুপৰি মন্ত্ৰীগৰাকীয়ে নিজেও যুৱকজনক সৈতে একেখন এম্বুলেন্সত উঠি হাস্পতালত উপস্থিত আৰু আহত যুৱকজনৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰে।

মন্ত্ৰীগৰাকীৰ এনে তৎপৰতাৰ ফলতেই আহত যুৱকজন বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাত পতিত এজন যুৱকক তাৎক্ষণিক সহায় কৰি মন্ত্ৰী বিমল বৰাই দেখুওৱা মহানুভৱতাৰ শলাগ লৈছে সকলোৱে।

Leave a Comment