কন্যাৰ বিয়াৰ যা-যোগাৰ চলাই থকাৰ মাজতে কৰ্তব্যৰত অৱস্থাত মৃত্যু আৰক্ষী বিষয়া পিতৃৰ

নিউজ ডেস্ক। ১৬ ফেব্ৰুৱাৰীত কন্যাৰ বিয়া! ঘৰত ইতিমধ্যেই উখল মাখল পৰিবেশে বিৰাজ কৰিছিল।

বিয়াৰ যা-যোগাৰ কৰি গাত তত নাইকিয়া হৈছিল পৰিয়ালৰ সদস্যসকলৰ।

চৰকাৰী কৰ্তব্যৰ মাজতে সময় উলিয়াই কন্যাৰ বিয়াৰ সৰু সৰু কামবোৰ কৰি গৈছিল আৰক্ষী বিষয়া পিতৃ বীৰেন্দ্ৰ পাছৱানেও।

Pic

৯ ফেব্ৰুৱাৰীৰ পৰা ছুটি বিচাৰি তেওঁ ইতিমধ্যেই আবেদন কৰিছিল। বিয়াৰ বহু কাম এতিয়াও সম্পূৰ্ণ হবলৈ বাকী। মানুহ মতা, গহনা গঢ়োৱা আদি কামবোৰ আছেই!

99

কিন্ত নিয়তিয়ে যেন সহ্য কৰা নাছিল পৰিয়ালৰ এনে আনন্দমুখৰ পৰিবেশ। সেয়ে নমাই আনিলে এক কাল অমানিশা!

তিনিদিন ধৰি হাস্পতালত মৃত্যুৰ সৈতে যুঁজি অৱশেষত দেওবাৰে কন্যাক বিদায় দিয়াৰ সপোন বুকুতে সামৰি শেষ নিশ্বাস ত্যাগ কৰিলে আৰক্ষীৰ উপ পৰিদৰ্শক পিতৃ বীৰেন্দ্ৰ পাছৱানে।

11

হাঁহি-আনন্দত ৰজনজনাই থকা ঘৰখনত মুহুৰ্তৰ ভিতৰতে শোকৰ বন্যা নামি আহিল!

85

বিহাৰৰ ৰোহতাছৰ গীতাশ আৰক্ষী থানাৰ অন্তৰ্গত সোন্দিহাৰাৰ বাসিন্দা ২০০৯ বেচৰ উপ-পৰিদৰ্শক বীৰেন্দ্ৰ পাছৱান নিযুক্ত আছিল ঔৰঙ্গাবাদ জিলাৰ দৌননগৰ আৰক্ষী চকীত।

69

২৭ জানুৱাৰীত বীৰেন্দ্ৰ পাছৱানে আন আন সতীৰ্থ আৰক্ষীৰ সৈতে বালু ঘাটত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল।

অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি উভতি অহাৰ সময়তে দুৰ্বৃত্তৰ এটা দলে ইটা-শিলেৰে আৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলায়।

89

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত উপ পৰিদৰ্শক বীৰেন্দ্ৰ পাছৱানক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মস্তিষ্কৰ ৰক্তক্ষৰণৰ বাবে পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে পাটনাৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়।

258

নাৰ্ছিং হোমৰ বিচনাতে তিনি দিন মৃত্যুৰ সৈতে যুঁজি অৱশেষত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে বীৰেন্দ্ৰ পাছৱানে।

কন্যাৰ বিয়াৰ পূৰ্বে এনেদৰে পিতৃৰ বিয়োগে পৰিয়ালটোক ভাগি পেলাইছে।

55-2

আনহাতে বীৰেন্দ্ৰ পাছৱান চিকিৎসাধীন হৈ থকা সময়ত চৰকাৰ আৰু প্ৰশাসনৰ পৰা সহায় লাভ নকৰাৰো অভিযোগ উঠিছে।

লগতে চাওকঃ

প্ৰয়াত স্বামীৰ চিকিৎসাৰ বাবে সংগ্ৰহ কৰা ৪০ লাখ টকা ক’ভিড ৰােগীৰ চিকিৎসাৰ বাবে আগবঢ়ালে পত্নীয়ে

g01

ৰাজনৈতিক ইনিংছ আৰম্ভ হ’ল মণিপুৰৰ চুপাৰ ক’প থৌনাওজাম বৃন্দাৰ

G2

Leave a Comment