‘কবি’ ভূপেন বৰাৰ ‘জনপ্ৰিয়তা’ৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টাৰ, মিষ্টাৰ ৰাজকুমাৰৰ সৈতে তুলনা!

নিউজ ডেস্ক। অৱশেষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা শেহতীয়াকৈ এজন ‘কবি’ হিচাপে ৰাজ্যজুৰি চৰ্চা লাভ কৰা ভূপেন বৰাৰ জনপ্ৰিয়তাৰ কথা স্বীকাৰ কৰিলে শাসকীয় পক্ষৰ এজন বিধায়কে।

তেওঁ হ’ল অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱা।

APCC-president-Bhupen-Borah-addressing-press-conference-at-Rajiv-Bhawan-in-Guwahati-on-03-01-22-Pix-

অৱশ্যে এইবাৰ এই ‘কবিতা’ বিতৰ্কৰ মাজত জয়ন্ত মল্লই টানি আনিছে মিষ্টাৰ ৰাজকুমাৰক।

সাংবাদিকৰ আগত মন্তব্য কৰি বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয়, “অসমত ৰাজকুমাৰ হিট। কিন্তু কিয় হিট সেয়া কোনেও নাজানে। সেইদৰে ভূপেন বৰাৰ কবিতাও হিট। কিন্তু কিয় হিট কোনেও নাজানে।”‘

ভূপেন বৰাই নিজক প্ৰাসংগিক কৰি ৰাখিবলৈ হয়তোবা কবিতা লিখিছে বা তেওঁ অতি নিসংগ হৈ পৰিছে বা ৰাইজৰ পৰা আঁতৰি গৈছে বা হতাশাত ভুগিছে।

Jayanta-Malla-Baruah-Chairman-ATDC-Ltd-addressing-media-peoples-at-Guwahati-regarding-65th-Filmfare-

কিছুমানে হতাশা বা বিৰহত থাকিলে কেতিয়াবা কবিতা লিখে। হতাশা বা বিৰহতো কেতিয়াবা ভাল কবিতা ওলায়। কিন্তু ভূপেন বৰাৰ কবিতাটোৰ কবিতা হিচাপে কোনো ‘দম’ নাই বুলি মন্তব্য কৰে জয়ন্ত মল্লই।

তেওঁ কয় যে সকলোৱে কবিতাটোৰ ৰস লৈছে। হাঁহিৰ খোৰাক হৈছে কবিতাটো। চুপাৰ ফ্লপ কবিতা। যেনেকৈ অসমত ৰাজকুমাৰ হিট, কিন্তু কিয় হিট কোনেও নাজানে। ঠিক তেনেদৰে ভূপেন বৰাৰ কবিতাটোও হিট। কিয় হিট কোনেও নাজানে। ৰাজকুমাৰ টাইপ এইটো।

বিৰোধী দল এটাৰ ৰাজ্যিক সভাপতি এজনৰ ক্ষেত্ৰত এইটো শোভা নাপায়। তেওঁৰ প্ৰাসংগিকতা হ’ব লাগিছিল হেম বৰুৱাৰ দৰে। গৌৰীশংকৰ ভট্টাচাৰ্যৰ দৰে। কিন্তু তেওঁৰ প্ৰাসংগিকতা ক’ত।

22

মিঞাৰ কাৰণে তেওঁ চোলা ফালিলে। এতিয়া এনেকুৱা এটা অর্ডিনাৰী কবিতা লিখিছে, যাৰ কোনো ছন্দ নাই। ভাষা নাই। কেইটামান শব্দ গোটাই দিছে।

উল্লেখ্য যে ২৬ জানুৱাৰীৰ দিনা ৰাজীৱ ভৱনত পতাকা উত্তোলন কৰি ‘মই ফায়াৰ ব্রিগেড শীৰ্ষক কবিতা এটা পাঠ কৰিছিল ভূপেন বৰাই। ৰাজনৈতিক কবিতাটোৰ প্ৰতিটো শাৰীতে বিজেপি দল, চৰকাৰ আৰু বিশেষকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্র সমালোচনা আৰু কটাক্ষ কৰা হৈছিল।

ইয়াৰ পিছতে এই কবিতাটোক কেন্দ্ৰ কৰি ৰাজ্যত কংগ্ৰেছ আৰু বিজেপিৰ মাজত সূচনা হয় ৰাজনৈতিক যুদ্ধ, আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ।

Leave a Comment