কবি মদিৰা শ‍‍ইকীয়া ভূঞাৰ আকস্মিক দেহাৱসান

কবি মদিৰা শ‍‍ইকীয়া ভূঞাৰ আকস্মিক দেহাৱসান

September 20, 2022 Off By NEWS DESK

নিউজ ডেস্ক। উদীয়মান কবি, সমাজ সেৱিকা মদিৰা শইকীয়া ভূঞাৰ আকস্মিক দেহাৱসান।

দুলীয়াজানৰ অইলৰ আবাসিক এলেকাৰ বাসিন্দা মদিৰা শইকীয়া ভূঞাৰ হৃদৰােগত আক্ৰান্ত হৈ মৃত্যু হয়। 

তেওঁৰ এনে আকস্মিক বিয়োগৰ খবৰে বৃহত্তৰ দুলীয়াজান অঞ্চলতে শোকৰ ছাঁ পেলাইছে। 

দুলীয়াজান লেখিকা সংস্থাৰ সম্পাদিকা পদত কাৰ্যনিৰ্বাহ কৰাৰ উপৰি প্ৰয়াত মদিৰা শইকীয়া অঞ্চলটােৰ বিভিন্ন সামাজিক, সাংস্কৃতিক সংগঠনৰ সৈতে ওতঃপ্ৰােতঃভাৱে জড়িত হৈ আছিল। 

জানিব পৰামতে, দুলীয়াজান অইল আবাসিক অঞ্চলৰ আবাসত নিশা মদিৰা শ‍ইকীয়া ভূঞা হৃদৰোগত আক্রান্ত হয়। 

তৎকালীনভাৱে মদিৰাক পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে অইল ইণ্ডিয়া চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। 

পিছত দুলীয়াজানৰ টিপলিংস্থিত ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

প্রয়াত কবিগৰাকীয়ে মৃত্যুৰ সময়ত স্বামী ধ্ৰুৱজ্যোতি ভূঞাৰ  লগতে একমাত্র পুত্রক ইহসংসাৰত এৰি থৈ যায়।