ক’ভিডক লৈ নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (SOP) ঘােষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

নিউজ ডেস্ক। পূৰ্বে ঘােষণা কৰা অনুসৰিয়েই বুধবাৰে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) ঘােষণা কৰে।

মন্ত্ৰীগৰাকীয়ে সাংবাদিকক সম্বােধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নতুন এছঅ’পি নীতি-নিয়মৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা অনা হৈছে।

Assam-Health-Minister-Keshab-Mahanta-addressing-a-Press-Conference-regarding-on-SOP-at-Janata-Bhawan

তেওঁ কয় যে নতুন এছঅ’পি বুধবাৰে দিনৰ ১১ বজাৰ পৰাই কাৰ্যকৰী হ’ব।

সান্ধ্য আইনৰ ক্ষেত্ৰত পূৰ্ব নিশা ৭ বজাৰ সলনি নিশা ৯ বজাৰ পৰা বলৱৎ হ’ব সান্ধ্য আইন। পূৰ্বৰে দৰেই পুৱা ৫ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন।

SOP1

দােকান-পােহাৰ খােলাৰ সময়ে সন্ধিয়া ৬ বজাৰ পৰা বৃদ্ধি কৰি ৮ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।

চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত নতুন নিয়ম অনুসৰি, যিসকল কৰ্মচাৰীয়ে এপালিও ক’ভিড-১৯ ৰ প্ৰতিষেধক লৈছে, তেওঁলােকে চৰকাৰী কাৰ্যালয়লৈ নিয়মিতভাৱে আহিব লাগিব, লগতে দ্বিতীয় পালিও সময় অনুসৰি ল’ব লাগিব।

SOP2

আনহাতে, আন্তঃজিলা যাতায়ত ব্যক্তিগত খণ্ডৰ লগতে ৰাজহুৱা পৰিবহনৰ খণ্ডতাে ৰেহাই প্ৰদান কৰা হৈছে।

SOP3

এই অনুসৰি, ১੦੦ শতাংশ যাত্ৰী কঢ়িয়াই আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্য এইক্ষেত্ৰত মাস্ক বাধ্যতামূলক হ’ব। লগতে কােনাে যাত্ৰী গাড়ীত থিয় হৈ যাব নােৱাৰিব।

SOP4

এই নিয়ম কঠোৰভাৱে বলৱৎ কৰা হ’ব। যাত্ৰীবাহী যান-বাহনত অতিৰিক্ত যাত্ৰী কঢ়িয়াই আনিলে গাড়ীৰ পঞ্জীয়ন তথা চালকৰ অনুজ্ঞাপত্ৰ বাতিল পৰ্যন্ত ব্যৱস্থা লােৱা হ’ব।

Leave a Comment