ক’ভিডত আক্ৰান্ত হৈ জয়পুৰত মৃত্যু অসমীয়া যুৱকৰ

নিউজ ডেস্ক। অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত ভয়াৱহ ৰূপ লৈছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে।

এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে বহিঃৰাজ্যত কৰ্মৰত বহু অসমীয়া লােকে অকালতে হেৰুৱাইছে প্ৰাণ।

এইবাৰ ৰাজস্থানৰ জয়পুৰত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু কাজিৰঙাৰ এজন ব্যক্তিৰ।

জানিব পৰা মতে, কাজিৰঙাৰ ১নং কঁহৰা গাও নিবাসী বাদল সৰকাৰ নামৰ এই লােকজন জয়পুৰত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল।

বিগত বহুদিন ধৰি ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাতে জয়পুৰৰ এছ এম এছ চিকিৎসালয়ত মৃত্যু হয় লোকজনৰ।

লগতে চাওকঃ

ক’ভিড যােদ্ধা! পিতৃৰ ক’ভিডত মৃত্যু, মাতৃ-ভ্রাতৃ হাস্পতালত, তথাপিও তেওঁ পালন কৰিছে নিজ কৰ্তব্য

Leave a Comment