ক’ভিড যােদ্ধা! নদী পাৰ হ’বলৈ ‘আৰ্থ মুভাৰ’ত উঠিল চিকিৎসা কৰ্মী, দৃশ্য ভাইৰেল

নিউজ ডেস্ক। দেশত বৰ্তমানেও অব্যাহত আছে কোৰোনা মহামাৰী। এই কভিড যুদ্ধত দেশৰ জনতাৰ হকে কাম কৰাত চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলক বিবেচনা কৰা হৈছে প্ৰথম শাৰীৰ যোদ্ধা হিচাপে।

ক’ভিড আক্ৰান্ত ৰোগীক চিকিৎসা কৰিয়েই হওক বা নিজে আক্ৰান্ত হৈয়ো দেশত বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে প্ৰথম শাৰীৰ যোদ্ধা হিচাপে বিবেচিত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে।

অশেষ কষ্ট আৰু ত্যাগেৰে তেওঁলোকে কৰি যাব লগা হৈছে ৰোগী অথবা দেশৰ জনগণক সেৱা। তাৰ পিছতো কিন্তু বহুতে যোদ্ধা সকলক দিয়া নাই যথোচিত সন্মান।

বহুতে শাৰীৰিক আক্ৰমণ পৰ্যন্ত কৰিছে চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলক। এইবাৰ জনতাক সেৱাৰ বাবে যোৱা কভিড যোদ্ধাৰ এক দৃশ্য সংবাদ অথবা সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। যিটো দৃশ্য দেখি বহুতৰে দো খাই পৰিছে মূৰ।

দৃশ্যটো লাডাখৰ। টুইটাৰত দৃশ্যটো শ্বেয়াৰ কৰে লাডাখৰ সাংসদ জাম্যাং চেৰিং নামগ্যালে।

দৃশ্যটোত দেখা অনুসৰি, ৪ জন স্বাস্থ্য কৰ্মীয়ে জনতাক সেৱাৰ বাবে পাৰ হৈ যাব লগা হৈছে লাডাখ নদী। কিন্তু পানীত তেওঁলোকে নামি যাব নোৱাৰাৰ বাবে তেওঁলোক গৈছে এখন ‘আৰ্থ মভাৰ’ত। তেওঁলোকৰ দুজনে পৰিধান কৰি হৈছে পি পি ই কিট। দৃশ্যটোৱে যেন সকলোৰে অন্তৰ চুই গৈছে। দৃশ্যটোৱে এইটোৱেই প্ৰমাণ কৰিছে যে জনতাক সেৱাৰ বাবে চিকিৎসা কৰ্মীসকলে কৰিব লগা হৈছে অশেষ কষ্ট। কষ্ট, ত্যাগ আৰু দুৰ্গম পথৰ যাত্ৰা যেন তেওঁলোকৰ বাবে হৈ পৰিছে এক অংগ।

লাডাখৰ সাংসদজনে টুইটাৰত লিখে- “আমাৰ কভিড যোদ্ধা সকললৈ চেল্যুত। কভিড যোদ্ধাৰ এটা দলে গ্ৰাম্য লাডাখত তেওঁলোকৰ সেৱাৰ বাবে পাৰ হৈ গৈছে নদী। ঘৰতে থাকক, সুৰক্ষিত থাকক, স্বাস্থ্যৱান হওক আৰু কভিড যোদ্ধা সকলক সহযোগ কৰক।”

উল্লেখ্য যে এই দৃশ্য বৰ্তমান সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰী সকলে উচ্চ প্ৰশংসা কৰিছে যোদ্ধা সকলক। লগতে ‘আৰ্থ মভাৰ’খনৰ চালকজনকো সকলোৱে কৰিছে প্ৰশংসা।

Leave a Comment