ক’ভিড যােদ্ধা! পিতৃৰ ক’ভিডত মৃত্যু, মাতৃ-ভ্রাতৃ হাস্পতালত, তথাপিও তেওঁ পালন কৰিছে নিজ কৰ্তব্য

নিউজ ডেস্ক। দেশত দৈনিক বৃদ্ধি পাইছে কৰ’নাত আক্রান্তৰ সংখ্যা। বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও। ইয়াৰ লগতে বহু চাপ বৃদ্ধি পাইছে বিভিন্ন হাস্পতাল আৰু শ্মশানত।

শ্মশানত ঠাই নোহোৱা হৈছে শেষকৃত্যৰ বাবে। তথাপিও নিজ কৰ্তব্যত অবিৰতভাৱে লাগি আছে একাংশ ক’ভিড যোদ্ধা।

প্ৰথম শাৰীৰ ক’ভিড যোদ্ধা হিচাপে বিবেচিত তেনে এজন চিকিৎসক হৈছে পুণেৰ সঞ্জীৱন হাস্পতালৰ সঞ্চালক ডাঃ মুকুন্দ যাৰ কথা এতিয়া ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে।

তেওঁ ইতিমধ্যে হেৰুৱাইছে আপােনজনক। লগতে তেওঁৰ পৰিয়ালৰ দুজন কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত।

এনে দুখ আৰু জটিল পৰিস্থিতিতো ভাঙি নপৰি মুকুন্দই অব্যাহত ৰাখিছে আন কৰ’না ৰােগীৰ চিকিৎসা। কর্তব্যত ৰখা নাই অলপো ত্ৰুটি। ডাঃ মুকুন্দৰ এই কাহিনী সম্প্রতি সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

জানিব পৰা মতে তেওঁৰ পিতৃৰ অলপতে মৃত্যু হৈছে ক’ভিডত। আনকি কৰ’নাত আক্রান্ত হৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে তেওঁৰ মাতৃ আৰু ভ্ৰাতৃ। মাতৃ আৰু ভ্ৰাতৃ কৰ’নাত আক্রান্ত হােৱাত অত্যাধিক মানসিক চাপ বৃদ্ধি পাইছে চিকিৎসকজনৰ। তথাপিও তেওঁ নিৰলসভাৱে আগবঢ়াই আছে চিকিৎসা সেৱা।

মুকুন্দই এই সন্দৰ্ভত কয়, “বৰ্তমান পৰিস্থিতি অত্যন্ত জটিল। আমি হাতত হাত থৈ বহি থাকি মানুহৰ মৃত্যু চাই থাকিব নােৱাৰাে।”

বৰ্তমান সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীসকলে উচ্চ প্ৰশংসা কৰিছে চিকিৎসকজনক। বহুতে মন্তব্য কৰি কয় যে মুকুন্দৰ দৰে প্রথম শাৰীৰ ক’ভিড যােদ্ধাসকল আছে বাবেই এতিয়াও মানুহে এই পৰিস্থিতিত সংগ্রাম অব্যাহত ৰাখিব পাৰিছে।

লগতে চাওকঃ

ক’ভিড আক্ৰান্ত হৈ মৃত্যু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ, পূৰ্বে মৃত্যু ভাতৃৰাে

ক’ভিড-১৯ত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন, পিতৃ-মাতৃ-ভগ্নীও আক্ৰান্ত

Leave a Comment