ক’ভিড-১৯ত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন, পিতৃ-মাতৃ-ভগ্নীও আক্ৰান্ত

নিউজ ডেস্ক। ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৱে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে দেশৰ বিভিন্ন ৰাজ্যত।

ক’ভিডত আক্ৰান্ত হৈছে বলিউডৰ ইজনৰ পাছত সিজন তাৰকা। এইবাৰ ক’ভিড আক্ৰান্ত হ’ল মােহময়ী অভিনেত্ৰী দীপিকা পাডুকন।

জানিব পৰা মতে, দীপিকাৰ পিতৃ প্ৰকাশ পাডুকনৰ লগতে মাতৃ আৰু ভগ্নীও কিছুদিন পূৰ্বে ক’ৰনাত আক্ৰান্ত হৈছিল।

ইয়াৰ পাছতে মংগলবাৰে অভিনেত্ৰী দীপিকা পাডুকনাে ক’ভিড পজিটিভ হিচাপে পৰীক্ষাত চিনাক্ত কৰা হয়।

পিতৃ তথা দেশৰ প্ৰাক্তন জনপ্ৰিয় বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকন (৬৫) ক’ৰনাত আক্ৰান্ত হৈ বেংগালুৰুৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে।

বৰ্তমান তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও পিতৃ প্ৰকাশ পাডুকনৰ একেৰাহে জ্বৰ উঠি থকাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

দীপিকাৰ পিতৃ সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে দীপকা মুম্বাইৰ পৰা বিমানেৰে বাংগালুৰুলৈ উৰা মাৰিছিল। তেতিয়াৰ পৰাই দীপিকা বেংগালুৰুত পৰিয়ালৰ সৈতে আছে।

Leave a Comment