ক’ভিড-১৯ত আক্ৰান্ত হৈ দিল্লীত অসমৰ চিকিৎসকৰ মৃত্যু, পত্নীও আক্ৰান্ত

নিউজ ডেস্ক। নতুন দিল্লীৰ পৰা অসমবাসীৰ বাবে আহিল আন এটা বেয়া খবৰ।

চলিত সপ্তাহত দিল্লীত কৰ্মৰত কেবাজনাে অসমীয়া লােকৰ ক’ভিড-১৯ত মৃত্যু ঘটিছে।

এইবাৰ অসমৰ এজন চিকিৎসকৰ দিল্লীত ক’ভিডত মৃত্যুৰ খবৰ পােৱা গৈছে।

জানিব পৰা মতে, ডাঃ ডিম্বেশ্বৰ বৰা (৭০) নামৰ দিল্লীস্থ অসমৰ চিকিৎসকজনৰ ২৯ এপ্ৰিলৰ নিশা ক’ভিডত মৃত্যু ঘটে।

তেওঁৰ পত্নী ডাঃ বিমলা বৰাও ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে ডাঃ ডিম্বেশ্বৰ বৰাৰ জন্ম নগাঁও জিলাৰ শালনাত হৈছিল।

নগাঁও চহৰৰ পানীগাঁৱত থাকি ডিম্বেশ্বৰ বৰাই ১৯৬৭ চনত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

তাৰ পাছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।

তেওঁৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে পৰিয়ালৰ লগতে শুভাকাঙ্খীসকলৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।

মৃত্যুৰ সময়ত চিকিৎসক বৰাই এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তান ইহ সংসাৰত এৰি থৈ যায়।

Leave a Comment