নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে ক’ভিড-১৯ৰ সংহাৰ। সৰ্থেবাৰীত ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ গ’ল এগৰাকী তবলা বাদকৰ।
সৰ্থেবাৰী বাপুজী নগৰ নিবাসী জনপ্ৰিয় তবলা বাদক হীৰেণ চৌধুৰী ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ঘটে।
সমগ্ৰ সৰ্থেবাৰী বাসীৰ বাবেই পৰিচিত হীৰেণ চৌধুৰী নিজে এজন ভাল তবলা বাদক হোৱাৰ লগতে নিজ কন্যা যুক্তাশ্ৰীক এগৰাকী ভাল শিল্পী হিচাপে গঢ় দিয়াত সফল হৈছিল।
হীৰেন চৌধুৰীৰ মৃত্যুত সৰ্থেবাৰীৰ লগতে সমগ্ৰ অঞ্চলটোত তীব্ৰ শোকৰ ছাঁ পৰে।
জীৱন বীমা নিগৰ কৰ্মচাৰী হীৰেণ চৌধুৰী কেইবাদিনো ধৰি ক’ৰনাত আক্ৰান্ত হৈ গুৱাহাটী মহানগৰীত চিকিৎসাধীন হৈ আছিল।
অৱশেষত তেওঁ নিয়তিৰ আগত হাৰ মানি চিৰবিদায় মাগিলে জনপ্ৰিয় বাদ্যশিল্পী হীৰেণ চৌধুৰীয়ে।