ক’ভিড-১৯ত প্ৰাণ গ’ল জ্যেষ্ঠ চিকিৎসক তথা অন্তঃসত্বা স্বাস্থ্য কৰ্মীৰ

নিউজ ডেস্ক। ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌৱে জটিল ৰূপ ধাৰণ কৰিছে অসমকে ধৰি উত্তৰ পূবৰ অধিকাংশ ৰাজ্যতে।

নিতৌ জনসাধাৰণৰ মৃত্যুৰ ঘটনা অব্যাহত থকাৰ লগতে মৃত্যু হৈছে প্ৰথম শাৰীৰ ক’ভিড যােদ্ধা হিচাপে পৰিচিত বহু চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ।

ইয়াৰ মাজতে জনসাধাৰণক প্ৰতিষেধক প্ৰদানৰ বাবে স্বাস্থ্য কৰ্মীসকলে কৰিব লগীয়া হৈছে অশেষ কষ্ট।

ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি তেওঁলোকে নদী, পাহাৰ বগাই দুৰ্গম ঠাইৰ জনসাধাৰণক প্ৰদান কৰিছে কভিড প্ৰতিষেধক।

এইবাৰ তেনেদৰে জনতাৰ বাবে সেৱা আগবঢ়াই কভিড আক্ৰান্ত হৈ চৰম ত্যাগ কৰিলে এগৰাকী স্বাস্থ্য কৰ্মীয়ে।

গৰ্ভৱতী অৱস্থাতো জনতাৰ বাবে আগবঢ়াইছিল সেৱা।

তেওঁ হ’ল অৰুণাচল প্ৰদেশৰ চিম্পু স্বাস্থ্য কেন্দ্ৰৰ কৰ্মী টামচি কাকু। যিয়ে বুধবাৰে কভিড আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।

জানিব পৰা মতে তেওঁ আছিল ১৯ সপ্তাহৰ গৰ্ভৱতী। চিম্পু স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়াই তেওঁক প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত নিয়োগ কৰিছিল।

জ্যেষ্ঠ চিকিৎসা কৰ্মী হিচাপে তেওঁ সেই কাৰ্য কৰি আহিছিল। কিন্তু যোৱা ৩০ জুনত তেওঁ কভিড-১৯ ত আক্ৰান্ত হয়। আৰু তেওঁৰ পৰিস্থিতি অধিক অৱনতি ঘটি বুধবাৰে মৃত্যুবৰণ কৰে।

এই সন্দৰ্ভত টামচি কল্যাণ সমাজে কয় যে, গৰ্ভৱতী হোৱা সত্ত্বেও তেওঁ নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিছিল। তেওঁ ছুটীৰ বাবে আবেদনো জনাইছিল। কিন্তু কোনো আপত্তি নকৰাকৈ নিজৰ কাম কৰি গৈছিল। আৰু অৱশেষত তেওঁ পেটৰ সন্তান সহ চৰম ত্যাগ কৰে।

সংস্থাটোৱে মহামাৰীৰ সময়ত তেওঁৰ চৰম ত্যাগক সন্মান প্ৰদান কৰে আৰু তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ সংস্থাটোৰ এজন সক্ৰিয় আৰু কৰ্মদ্যোমী সদস্যা আছিল বুলিও কয়।

ইপিনে, অসমৰ গোৱালপাৰা জিলাৰ খৰমুজা প্ৰাথমিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া তথা জ্যেষ্ঠ চিকিৎসক ওমৰ আলী আহমেদৰাে ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু ঘটে।

তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল।

Leave a Comment