নিউজ ডেস্ক। কোৰোনা ভাইৰাছে মানৱ জীৱনত সংহাৰ ৰূপ ধাৰণ কৰাৰ মাজতে এইবাৰ আহিছে আন এক খবৰ।
এই ভাইৰাছে এইবাৰ প্ৰাণ ল’লে বনৰীয়া জন্তুৰ। চিৰিয়াখানৰ সিংহৰ দেহত এই ভাইৰাছ সংক্ৰমণ হোৱাৰ খবৰে এতিয়া সকলোকে কৰিছে চিন্তিত।

জানিব পৰা মতে, চেন্নাইৰ এখন চিৰিয়াখানাত এই ভাইৰাছত আক্ৰান্ত হৈ যোৱা ৩ জুনৰ আবেলি মৃত্যু হ’ল এটা সিংহৰ। তাৰ বিপৰীতে চিৰিয়াখানা খনত এই ভাইৰাছত আক্ৰান্ত হ’ল আন ৯ টাকৈ সিংহ তথা বাঘৰ।
চেন্নাইৰ সেই চিৰিয়াখানাখনৰ নাম হ’ল আৰিগ্নাৰ আন্না জুলজীকেল পাৰ্ক।
জানিব পৰা মতে, চিৰিয়াখানা খনৰ ১১ টাকৈ সিংহ আৰু বাঘে ভালদৰে খোৱা-মেলা কৰা নাছিল। সিহঁতৰ ভোক লগা নাছিল আৰু দুৰ্বল যেন লক্ষণ দেখা পোৱা গৈছিল।
সেয়েহে সিহঁতৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছিল পৰীক্ষাগাৰালৈ। আৰু প্ৰতিবেদনত তাৰে ৯ টাৰ দেহত SARS-COV-2 পজিতিভ আহে। বৰ্তমান আটাইকে তামিলনাডু পশু চিকিৎসা আৰু জীৱ-জন্তু বিজ্ঞান বিশ্ববিদ্যালয়ৰ চিকিৎসকে চিকিৎসা কৰি আছে।
চিৰিয়াখানা খনৰ এজন বিষয়াই জনোৱা অনুসৰি, বৰ্তমান চিকিৎসকৰ এক দলৰ দ্বাৰা চিকিৎসা চলি আছে আটাইৰে। শুকুৰবাৰে আটাইৰে স্বাব আৰু মল সংগ্ৰহ কৰি পুনৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে উত্তৰ প্ৰদেশৰ বেৰেলীস্থিত ভাৰতীয় পশু চিকিৎসা অনুসন্ধান কেন্দ্ৰ আৰু হাইডৰাবাদৰ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলেকুলাৰ বায়লজীলৈ।
This pandemic is pervasive now…
— Susanta Nanda IFS (@susantananda3) June 4, 2021
COVID19 outbreak has been reported in the Asiatic lions at Vandalur Zoo, Chennai. Some of the lions are found symptomatic and one of them died due to the disease. All Asiatic lions have been quarantined, treatment underway. pic.twitter.com/M2j0fITv5R
ইয়াৰোপৰি ভূপালৰ উচ্চ সুৰক্ষা ৰোগ কেন্দ্ৰলৈ কোৰোনা পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে কয় যে, চিৰিয়াখানা খনৰ সকলো কৰ্মচাৰীয়েই কভিড প্ৰতিষেধক গ্ৰহণ কৰিছিল। যাতে মানুহৰ পৰা জন্তুৰ দেহলৈ ই সংক্ৰমিত হ’ব নোৱাৰে।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও হাইডৰাবাদ আৰু উত্তৰ প্ৰদেশৰ এখন চিৰিয়াখানাৰ জন্তুৰ দেহত কভিড পজিতিভ ধৰা পৰিছিল।