ক’ভিড-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰা ৩৭ জন চিকিৎসক আক্ৰান্ত হ’ল কৰােনাত!

নিউজ ডেস্ক। দেশত ক’ভিড-১৯ সংক্ৰমণৰ দ্বিতীয় ঢৌ অব্যাহত আছে। দেশজুৰি ক’ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া পূৰ্ণ গতিত অব্যাহত থকাৰ মাজতে একাধিক ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে।

ইপিনে, এক উদ্বেগজনক খবৰ পােহৰলৈ আহিছে যে ক’ভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰা লােকাে এই ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈছে।

শেহতীয়াকৈ দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ৰ ৩৭ জন চিকিৎসকৰ দেহত ধৰা পৰিল কভিড-১৯ পজিটিভ।

ইয়াৰে ৩২ জনৰ দেহত আংশিক লক্ষণ ধৰা পৰাৰ বাবে তেওঁলোক হ’ম কোৱাৰেণ্টাইনত থাকে আৰু বেয়াকৈ আক্ৰান্ত হোৱা আন ৫ জনে নিজেই চিকিৎসালয়ত ভৰ্তি হয়।

এই আটাইকেইজন চিকিৎসকে গ্ৰহণ কৰিছিল ক’ভিড প্ৰতিষেধক। এই কথা জানিবলৈ দিয়ে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই।

উল্লেখ্য যে, দিল্লীত বৰ্তমান কোৰোনা ভাইৰাছে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। দ্ৰুত হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।

বৃহস্পতিবাৰে ৭৪৩৭ জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। মৃত্যু হৈছে ২৪ জন আক্ৰান্তৰ। বৰ্তমান দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা ই স্পৰ্শ কৰিছে ১১,১৫৭ জনলৈ।

দিল্লী চৰকাৰে জনোৱা অনুসৰি, যোৱা কেইদিনত দিল্লীত কভিড পৰীক্ষা কৰা হৈছে ৯১,১৭০ জনৰ। তাৰে যোৱা ২৪ ঘণ্টাত ধৰা পৰিছে ৭৪৩৭ জনৰ দেহত পজিতিভ।

দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে জনোৱা অনুসৰি, কভিড আক্ৰান্তৰ সংখ্যা উৰ্ধগামী হোৱাৰ সম্ভাৱনা আছে।

লগতে চাওকঃ

ডাঙৰ খবৰ! মহানগৰীত পুনৰ ভয়াৱহ ৰূপত ক’ভিড-১৯ৰ সংক্ৰমণ, শিক্ষয়িত্ৰীৰ মৃত্যু

Leave a Comment