ক’ভিড-১৯ৰ প্ৰতিষেধক নলয় যোগগুৰু বাবা ৰামদেৱে!

নিউজ ডেস্ক। ভাৰতত ক’ৰনাৰ ভেকচিন প্ৰদানৰ কাম আৰম্ভ হোৱাৰ সময়তে ভাৰত চৰকাৰে দেশীয়ভাৱে প্ৰস্তুত হোৱা দুবিধ ভেকচিনকো ‘বেকআপ’ হিচাপে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে।

ইয়াৰ পাছতে বিৰোধী দল কংগ্ৰেছৰ বহু নেতাই বিষয়টোক লৈ বিবাদ আৰম্ভ কৰিছে।

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ মুৰব্বী অকিলেশ যাদৱেও ক’ৰনাৰ ভেকচিনক ‘বিজেপিৰ ভেকচিন’ বুলি কৈ ইয়াক ল’বলৈ অস্বীকাৰ কৰিছিল।

এই বিতৰ্কৰ মাজতে দেশৰ আগশাৰীৰ যোগগুৰু বাবা ৰামদেৱে ঘোষণা কৰিছে যে তেওঁ ক’ৰনাৰ ভেকচিন গ্ৰহণ নকৰে।

কিয় তেও ক’ৰনাৰ ভেকচিন নোলোৱাৰ সিদ্ধান্ত লৈছে, সেয়াও ৰাজহুৱা কৰিছে।

নিয়মিত যোগাসনৰ বাবে তেওঁৰ দেহত আন কোনো ভাইৰাছে আঘাত কৰিব নোৱাৰে।

তদুপৰি তেওঁৰ পতঞ্জলীৰ আয়ুৰ্বেদিক চিকিৎসাইও তেওঁক ক’ৰনাৰ পৰা সুৰক্ষিত কৰি ৰাখিছে।

তেওঁৰ দেহত ক’ৰনা প্ৰতিৰোধা ক্ষমতা আছে। গতিকে তেওঁক ক’ৰনা ভেকচিনৰ প্ৰয়োজন নাই।

তেওঁৰ মতে সকলোকে ক’ৰনাৰ ভেকচিনৰ প্ৰয়োজন নাই। যাক অতি প্ৰয়োজন, তেওঁলোককহে লগোৱাৰ সুবিধা দিব লাগে।

Leave a Comment