ক’ভিড-১৯ৰ সংক্ৰমণত চিৰিয়াখানাত পুনৰ সিংহৰ মৃত্যু

ক’ভিড-১৯ৰ সংক্ৰমণত চিৰিয়াখানাত পুনৰ সিংহৰ মৃত্যু

June 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বুধবাৰে পুৱা পুনৰ কভিডত আন এক সিংহৰ মৃত্যু হয় তামিলনাডুৰ আৰিগ্নৰ আন্না জীৱ বিজ্ঞান উদ্যান তথা চিৰিয়াখানাত।

চিৰিয়াখানা খনৰ চাফাৰি এলেকাত থকা ১২ বছৰীয়া পথ্বনাথন নামৰ সিংহটোৰ মৃত্যু হয়। এই কথা জানিবলৈ দিয়ে চিৰিয়াখানা খনৰ উপ সঞ্চালকে।

উপ সঞ্চালক জনে কয়, “যোৱা ৩ জুনত ভূপালৰ National Institute of High Security Animal Diseases (NIHSAD) এ সিংহটোৰ দেহত কভিড পজিটিভ বুলি জনাইছিল। সিংহটো তেতিয়াৰ পৰাই সূক্ষ্ম পৰ্যায়ৰ নিৰীক্ষণত চিকিৎসাধীন হৈ আছিল।”

উল্লেখ্য যে চিৰিয়াখানাখনত সিংহ মৃত্যু হোৱাৰ এইটো দ্বিতীয়টো দুখজনক ঘটনা। যোৱা ৩ জুনত চিৰিয়াখানা খনত একেলগে মৃত্যু হৈছিল ৯ টাকৈ সিংহৰ।

সিংহৰ দেহত কভিড সংক্ৰমণ হোৱাৰ পিছৰে পৰাই চিৰিয়াখানা কৰ্তৃপক্ষই ইয়াক প্ৰতিৰোধৰ বাবে বহুতো পদক্ষেপ লৈছিল।

সোমবাৰে কৰ্তৃপক্ষই জনাইছিল যে তিনিটা সিংহই চিকিৎসা গ্ৰহণ কৰিও দুৰ্বল হৈ পৰিছে। পশু চিকিৎসক সকলে আৰোগ্য কৰিবলৈ যথেষ্ট কৰি আছে।

ইয়াৰোপৰি কৰ্তৃপক্ষই সংক্ৰমণ ৰোধ কৰিবৰ বাবে চিৰিয়াখানা চৌহদত থাৰ্মেল স্কেনিং, সামাজিক দূৰত্ব, কৰ্মচাৰীসকলৰ ১০০% প্ৰতিষেধক প্ৰদান আদি ব্যৱস্থা গ্ৰহণ কৰিছে।

ইয়াৰোপৰি নিয়মীয়াকৈ চিৰিয়াখানাৰ চৌহদ চেনিটাইজ কৰা আৰু কৰ্মচাৰী সকলে পি পি ই কিট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।