ক’ভিড-১৯ আক্ৰান্ত হৈয়ো JEE-2021 ত শীৰ্ষস্থান লাভ কৰা অসমৰ ৰঞ্জিভ প্ৰবাল দাস এলন মাস্কৰ অনুগামী

নিউজ ডেস্ক। যোৱা ৮ মাৰ্চত National Testing Agency (NTA) এ ঘোষণা কৰিছিল জে ই ই-২০২১ মেইনছৰ ফলাফল। এইবাৰ মুঠ ৬ জন পৰীক্ষাৰ্থীয়ে দেশৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে। সেই সমূহৰ ভিতৰত আছে অসম সন্তান ৰঞ্জিভ প্ৰবাল দাস।

উল্লেখ্য যে, ২০২০ বৰ্ষত মহামাৰী কোৰোনাত আক্ৰান্ত হৈছিল ৰঞ্জিভ। ৰঞ্জিভ Tesla আৰু SpaceX ৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কৰ এজন অনুৰাগী।

বৰ্তমান দিল্লীত থকা ৰঞ্জিভে সংবাদ মাধ্যমৰ আগত কয় যে, “মই এলন মাস্কৰ অনুৰাগী। আই আই টি দিল্লীত মই উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ কথা ভাবিছো। সেইয়া নহলে মই বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত স্নাতক শিক্ষা গ্ৰহণৰ বাবে যাম।”.

কভিড আক্ৰান্ত হোৱাৰ সন্দৰ্ভত তেওঁ কয়, “২০২০ ত মই যেতিয়া কভিডত আক্ৰান্ত হৈছিলো। তেতিয়া মই ভাগি পৰিছিলো। কিন্তু আৰোগ্য হোৱাৰ পিছৰ পৰা মই পুনৰ অধ্যয়ন অব্যাহত ৰাখিলো। মই মেইনছ পৰীক্ষাৰ বাবে দৈনিক ৮ ঘন্টাকৈ পঢ়িছিলো।”

লগতে চাওকঃ

প্ৰেমিকাক কোলাত বহুৱাই বাইক ষ্টাণ্ট কৰি জৰিমনা ভৰিলে প্ৰেমিকে! ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা

৬ বছৰীয়া শিশুৰ সুললিত কন্ঠত অসমৰ জাতীয় সংগীত! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Leave a Comment