
ক’ভিড-১৯ জয় কৰি পুনৰ ঘৰলৈ উভতিল ৫ শিশু
July 7, 2021নিউজ ডেস্ক। ক’ভিডৰ সংহাৰীৰূপ ধাৰণ কৰাৰ সময়তে এটা ভাল খবৰ।
ক’ভিড জয় কৰি ঘৰলৈ উভতিল জাগীৰোডৰ পাঁচ শিশু।

এসপ্তাহ পূৰ্বে ক’ভিড ৰোগত আক্ৰান্ত হৈ জাগীৰোডৰ নগাঁও কাগজ কল ক’ভিড চিকিৎসা কেন্দ্ৰত ভৰ্তি হৈছিল জাগীৰোডৰ পশ্চিম নগাঁৱৰ পাঁটাকৈ শিশু।
এসপ্তাহৰ চিকিৎসাৰ অন্তত মঙলবাৰে সম্পূৰ্ণ সুস্থ হৈ উঠাৰ বাবে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় শিশুকেইটিক।
ক’ভিডক জয় কৰি সুস্থ হৈ উঠা শিশুকেইটি চিকিৎসালয়ৰ চিকিৎসকে একোখনকৈ মাস্ক আৰু চকলেট দি চিকিৎসালয়ৰ পৰা বিদায় জনাই।
চিকিৎসালয়খনৰ চিকিৎসকে জনোৱা মতে প্ৰথম অৱস্থাত বয়জ্যেষ্ঠ লোক ক’ভিডত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল যদিও বৰ্তমান শিশুসকলো আক্ৰান্ত হোৱা দেখা গৈছে। যিটো চিন্তনীয় বিষয় বুলি চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰে।
উল্লেখ্য যে বৰ্তমানে ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ জাগীৰোডতো বহু শিশু আক্ৰান্ত হৈছে ক’ভিড ৰোগত।