কভিড-১৯ ৰ পৰা সুস্থ হৈ উঠিল হিমা দাস

নিউজ ডেস্ক। ধিং এক্সপ্ৰেছ হিমা দাস ক’ভিড-১৯ নিগেটিভ।

বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে খেলুৱৈ গৰাকীয়ে। সংক্ৰমিত হোৱাৰ এসপ্তাহৰ পিছত তেওঁৰ কভিড-১৯ ৰ পৰীক্ষাৰ প্ৰতিবেদনত নিগেটিভ আহে।

উল্লেখ্য যে ২১ বছৰীয়া খেলুৱৈ গৰাকীয়ে যোৱা সপ্তাহত পাটিয়ালাৰ নেচনেল ইনষ্টিটিউট অৱ স্পৰ্ট (এনআইএছ)ত ৰাষ্ট্ৰীয় শিবিৰলৈ উভতি অহাৰ পিছত কভিড-১৯ পজিটিভ ধৰা পৰিছিল।

জুনত আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত পোৱা আঘাতৰ পিছত প্ৰশিক্ষণ পুনৰ আৰম্ভ কৰিবলৈ সাজু হোৱা দাসে টুইটাৰযোগে তেওঁৰ স্বাস্থ্যৰ বিষয়ে এক আপডেট দিয়ে।

তেওঁ টুইটাৰত লিখে, “মই সকলোকে ক’বলৈ পাই আনন্দিত হৈছো যে মই কভিড-১৯ নিগেটিভ হৈছো। মৰমৰ বাৰ্তাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। ট্ৰেকলৈ উভতি যাবলৈ অপেক্ষা কৰিব নোৱাৰি। আশা কৰো সকলো সুৰক্ষিত আৰু স্বাস্থ্যৱান।”

Leave a Comment