
কলেজীয়া ছাত্ৰীৰ অপহৰণ-মুক্তিপণ দাবী! পৰিয়ালত হাহাকাৰ
January 21, 2022নিউজ ডেস্ক। পুনৰ দুৰ্বৃত্তই লক্ষ্য কলেজীয়া ছাত্ৰী।
দিন দুপৰতে অপহৰণ কলেজীয়া ছাত্ৰীক, ছাত্ৰীগৰাকীৰ ফােনযােগে পৰিয়ালক দাবী ৫ লাখ টকাৰ মুক্তিপণ।

জানিব পৰা মতে, শােণিতপুৰ জিলাৰ তেজপুৰৰ শংকৰ নগৰ নিবাসী মনোজ নাথ আৰু মৃদুলা দেৱীৰ জীয়ৰী তথা দৰং মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পৰীস্মিতা দেৱীক বৃহস্পতিবাৰে দুপৰীয়া অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
আনকি অপহৰণকাৰীয়ে পৰিয়াললৈ ফােনযােগে ৫ লাখ টকা মুক্তিপণ দাবী কৰা বুলিও জানিব পৰা গৈছে।
এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

অপহৃতাৰ মাতৃ মৃদুলা দেৱীয়ে ঘটনা সন্দৰ্ভতসাংবাদিকসকলক কয় যে তেওঁৰ কন্যাই ঘটনাৰ দিনা দিনৰ ১ মান বজাত মাতৃৰ লগত শেষবাৰৰ বাবে কথা পতাৰ সময়ত ক্লাছ শেষ হৈছে আৰু ঘৰলৈ গৈ আছোঁ বুলি কয়।
কিন্তু ১-৩০ মান বজাত ছাত্ৰীগৰাকীৰ ম’বাইলৰ পৰা এজন যুৱকে ছাত্ৰীগৰাকীক তেওঁলোকে অপহৰণ কৰিছে বুলি কয় আৰু মুক্তিপণ হিচাপে পাঁচ লাখ টকা দাবী কৰে।
আনকি মাতৃয়ে কন্যাক বিচাৰি পুনৰ ফোন কৰাত মিছন চাৰিআলিত থকা বুলি জনোৱাত পৰিয়ালৰ লোক মিছন চাৰিআলিলৈ আহি পুনৰ ফোন কৰাত সংযোগ স্থাপন কৰিব নোৱাৰিলে বুলি জনায়।
আনহাতে, ঘটনা সন্দৰ্ভত মাতৃ মৃদুলা দেৱীয়ে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।
লগতে চাওকঃ
প্ৰেমিকক লগ ধৰিবলৈ কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱতীৰ, গ্ৰেপ্তাৰ
