নিউজ ডেস্ক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে আহি এক অভাৱনীয় ঘটনাৰ সন্মুখীন হ’ল কৰ্ণাটকৰ ৬ জনীয়া পৰ্যটকৰ দল।
জিপ্চি চাফাৰীৰ সময়তে দাও দাও কৈ জ্বলি উঠিল পৰ্যটকক কঢ়িওৱা বাহনখন।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত শুক্ৰবাৰে পুৱা সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, AS-03-M-6436 নম্বৰৰ Maruti Gypsy খনে এই ৬ জনীয়া পৰ্যটকৰ দলক লৈ উদ্যানত প্ৰৱেশ কৰে।।
কিন্তু প্ৰৱেশ দ্বাৰ মিহিমুখ অতিক্ৰম কৰি কিছু দূৰ যোৱাৰ পাছতে হঠাৎ জুইয়ে আগুৰি ধৰে বাহন খন।
কোনোমতে পৰ্যটকৰ দলটোৰ লগতে চালক জনে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও পৰ্যটক কঢ়িওৱা জিপ্চিগাড়ী খন উদ্যানৰ ভিতৰতে দাও দাও কৈ জ্বলি ওঠে।
#BREAKING কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কঁহৰা বনাঞ্চলত শুকুৰবাৰে পুৱা চাফাৰীৰ সময়ত দাও দাওকৈ জ্বলি উঠিল বাংগালুৰুৰ ৬ জনীয়া পৰ্যটকক কঢ়িওৱা জিপ্চি বাহনখন। এই ঘটনাত কােনাে লােক হতাহত হােৱা নাই।#Kaziranga pic.twitter.com/gPcno20ihk
— Hani Jain (@Hani__Jain) April 9, 2021
পৰৱৰ্তী সময়ত অগ্নি নির্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্পাপন কৰে।
আনহাতে, কাৰিকৰী বিজুতিৰৰ ফলতে অগ্নি কাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
ইফালে, ঘটনা সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যানৰ ডিএফঅ’ ৰমেশ গগৈয়ে।
উল্লেখ্যে যে কাজিৰঙাত বহু জৰাজীৰ্ণ জীপ চলি থকাৰ দীৰ্ঘদিনীয়া অভিযোগ উঠি আহিছে । শুকুৰবাৰে ঘটনা সংঘটিত হোৱা জীপচিখনৰ চালকৰ চালকৰ অনুজ্ঞাপত্ৰ নাছিল বুলি জানিব পৰা গৈছে।