কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত গৃহৰক্ষী জােৱান-বনকৰ্মীক গঁড়ৰ খৰ্গসহ আটক

নিউজ ডেস্ক। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ ৰক্ষকেই অৱতীৰ্ণ হ’ল ভক্ষকৰ ৰূপত।

গঁড়ৰ খৰ্গৰ টুকুৰাসহ উদ্যান কৰ্তৃপক্ষই আটক কৰিলে এজন গৃহৰক্ষী জােৱান আৰু বনকৰ্মীক।

গােপন তথ্যৰ ভিত্তিত, উদ্যান কৰ্তৃপক্ষই বাগৰি বনাঞ্চলত শনিবাৰে অভিযান চলাই আটক কৰে বনকৰ্মী ছােনিয়া ওৰাং আৰু গৃহৰক্ষী জােৱান দ্বীপেন নাথক।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত চলিছিল এই অভিযান।

আটকাধীন দুজনৰ পৰা জব্দ কৰা হয় গঁড়ৰ খৰ্গৰ টুকুৰাও।

জানিব পৰা মতে,বাগৰি বনাঞ্চলৰ ভৈছামাৰী বন শিবিৰ এলেকাত যােৱা বছৰে কৰ্মৰত আছিল দুই জােৱান।

কৰ্মৰত অৱস্থাত উক্ত বন শিবিৰ এলেকাত উদ্ধাৰ হােৱা ৪ টা গঁড়ৰ খৰ্গ বন বিভাগক জমা দিয়াৰ বিপৰীতে গঁড়ৰ খৰ্গৰ এটা টুকুৰা বিক্ৰী কৰাৰ অভিসন্ধিৰে লুকুৱাই ৰাখিছিল।

শেহতীয়াকৈ দুয়োজনৰ মাজত সৃষ্টি হোৱা মনোমালিন্যৰ বাবে এই ঘটনাটাে পােহৰলৈ আহে।

এই তথ্য লাভ কৰি দুয়োজনকে হাতে লোটে ধৰিবলৈ সক্ষম হয় ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ৷

ইতিমধ্যে, এই সন্দৰ্ভত বন আইনৰ অধীনত গােচৰ ৰুজু কৰি বিহিত ব্যৱস্থা হাতত লৈছে উদ্যান কৰ্তৃপক্ষই।

Leave a Comment