কামলৈ যাও বুলি ঘৰৰ পৰা ওলাই গৈ ৩ দিনে সন্ধানহীন ডিব্ৰুগড়ৰ ৰূপা দত্ত, সন্ধান বিচাৰি হাহাকাৰ পৰিয়ালৰ…

নিউজ ডেস্কঃ কামলৈ বুলি ঘৰৰ পৰা ওলাই গৈ বিগত ৩ দিন ধৰি সন্ধানহীন হৈ থকা এগৰাকী মহিলাক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালে। মহিলাগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত থানাতো দাখিল কৰা হৈছে এজাহাৰ। কিন্তু এই পৰ্যন্ত বিবাহিত মহিলাগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়েও।

উল্লেখ্য যে, যোৱা ২০ ছেপ্টেম্বৰত কোনো কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল ডিব্ৰুগড় জিলাৰ বকুলৰ ৰূপা দত্ত নামৰ ৪০ বৰ্ষীয় মহিলাগৰাকী। পুৱা প্ৰায় ৯.৩০ বজাত নাদুৱালৈ যাও বুলি ওলাই যোৱা মহিলাগৰাকী তাৰ পিছতে সন্ধানহীন হৈ পৰে।

ইফালে মহিলাগৰাকী সন্ধিয়া পৰ্যন্ত ঘৰলৈ উভতি নহাত হাহাকাৰ লাগে পৰিয়ালত। মিতিৰ-কুটুম্ব, বন্ধু-বান্ধৱী সকলোতে বিচাৰ খোচাৰ কৰিও ৰূপা দত্তৰ কোনো সম্ভেদ নোপোৱাত অৱশেষত পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধান বিচাৰি অভিযান চলাইছে যদিও বৰ্তমানো তেওঁৰ কোনো সম্ভেদ নোপোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিয়াল। মহিলাগৰাকীৰ কোনোৱে সন্ধান লাভ কৰিলে 97061-22013 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মহিলাগৰাকীৰ স্বামীয়ে।