কালী পূজা, দীপাৱলীৰ উছাহ ম্লান পেলাব প্ৰৱল বৰষুণে! আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ…

কালী পূজা, দীপাৱলীৰ উছাহ ম্লান পেলাব প্ৰৱল বৰষুণে! আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ…

October 22, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসমতো কালী পূজা আৰু দীপাৱলীক লৈ সৃষ্টি হোৱা উছাহৰ মাজতে আগন্তুক ২৩ অক্টোবৰৰ পৰা অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবত প্ৰৱল বৃষ্টিপাতৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰ বিজ্ঞান কেন্দ্ৰই এক বিবৃতি প্ৰকাশ কৰি সদৰী কৰা মতে, অহা ২৩ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ অসম তথা উত্তৰ-পূবত হ’ব ধাৰাসাৰ বৰষুণ।

বতৰ বিজ্ঞান কেন্দ্ৰীই সদৰী কৰা মতে, বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ বাবে আগন্তুক ৪ দিন অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে ঠায়ে মধ্যমীয়া আৰু প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

এই সময়ছোৱাত উত্তৰ পূবৰ ৰাজ্য সমূহত বৰষুণৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

উল্লেখ্য যে, হিন্দু ধৰ্মাৱলম্বী সকলৰ উৎসৱ কালী পূজা আৰু দেৱালীক লৈ সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে।

এনে সময়ত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা আগজাননীয়ে নিঃসন্দেহে উৎসৱৰ উছাহ ম্লান কৰাৰ সম্ভাৱনাই দেখা দিছে।