কােকৰাঝাৰঃ ক’ভিড-১৯ত পজিটিভ মহিলাই চৰকাৰী চিকিৎসালয়ত জন্ম দিলে সুস্থ সন্তান

কােকৰাঝাৰঃ ক’ভিড-১৯ত পজিটিভ মহিলাই চৰকাৰী চিকিৎসালয়ত জন্ম দিলে সুস্থ সন্তান

May 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত ক’ভিডৰ দ্বিতীয়টাে ঢৌৰ মাজতে নিতৌ আক্ৰান্ত হৈছে পাঁচ সহস্ৰাধিক লােক। চহৰাঞ্চলৰ সমানে বহু গ্ৰামাঞ্চলতাে বিয়পি পৰিছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ।

ইয়াৰ মাজতে এটা ভাল খবৰ।

প্ৰসৱৰ পূৰ্বে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত এগৰাকী মহিলাই চৰকাৰী চিকিৎসালয়ত জন্ম দিলে এটি সুস্থ শিশু।

মঙলবাৰে কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত মহিলাগৰাকীয়ে প্ৰসৱ কৰে শিশুটি।

জানিব পৰা মতে, ৩২ বছৰীয়া মহিলাগৰাকীয়ে এটি ল’ৰা সন্তান জন্ম দিয়ে।

চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, মাতৃৰ লগতে নৱজাত শিশুটি দুয়োৰে অৱস্থা বৰ্তমানে সুস্থিৰ।

ইপিনে, নৱজাতকৰ কেইখনমান ফটো টুইট কৰি অসমৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীকে ধৰি সকলাে প্ৰথম শাৰীৰ ক’ভিড যোদ্ধাসকলক প্ৰশংসা কৰে।

লগতে চাওকঃ

মংগলবাৰে ৬.৪৭ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ, ৭৩ জনৰ মৃত্যু