কােলাত কেচুৱা লৈ খােজ কাঢ়ি গৈ থকা মহিলাৰ বাজি উঠিল ম’বাইল, তাৰ পাছত ঘটিল ভয়ানক ঘটনা…

নিউজ ডেস্ক। পথৰ ওপৰত থকা উন্মুক্ত নলা-নৰ্দমা বহু সময়তে বিপজ্জনক হৈ পৰে পথচাৰীসকলৰ বাবে।

কেৱল পথচাৰীয়েই নহয়, পথেৰে যাতায়াত কৰা যান-বাহনাে এনে উন্মুক্ত নলা-নৰ্দমা বা নলাৰ ঢাকনিৰ বাবে দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়াত পৰে।

আনকি বহু সময়ত মানুহৰ প্ৰাণহানিৰ ঘটনাও নঘটা নহয়।

অনুৰূপ ঘটনা সংঘটিত হ’ল য’ত হাতত কেচুৱা লৈ পথেৰে খােজকাঢ়ি গৈ থকা মহিলা বিপদত পৰে। পথৰ ওপৰত থকা মেনহলত সােমাই পৰে কেচুৱাসহ মহিলাগৰাকী।

এই ঘটনাৰ স্থান হাৰিয়ানাৰ ফৰিদাবাদ চহৰ।

বৰ্তমান তেনে এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

লগতে চাওকঃ নিৰাপত্তা কৰ্মীৰ সাহসীকতাৰ বাবে ব্যৰ্থ হ’ল ডকাইতি কাণ্ড, দৃশ্য বন্দী CCTV কেমেৰাত

এক ভাইৰেল দৃশ্যত দেখা অনুসৰি, এটা পথৰ কাষত উন্মুক্তভাৱে আছে এটা গাঁত। গাঁতটোত যাতে কোনো লোক অসাৱধনবশত সোমাব নোৱাৰে, তাৰ বাবে গাঁতটোৰ কাষত থৈ দিয়া হৈছে এখন দোকানৰ ফলক।

বেনাৰখনৰ কাষেৰেই পাৰ হৈ আছে বিভিন্ন লোক। কিন্তু তেনেতে এগৰাকী মহিলাই কোলাত কেঁচুৱা লৈ খোজকাঢ়ি আহি আছে।

তেওঁ বিপৰীত দিশে চাই খোজকাঢ়ি আহে পথত। তেনেতে তেওঁ সেই বেনাৰখনৰ কাষেৰে পাৰ হৈ আহে। তেনে সময়তে মহিলাগৰাকীৰ মবাইল ফােন বাজি উঠে। তেওঁ তললৈ চাই নহাৰ বাবেই তেওঁৰ ভৰি পৰে গাঁতত। যাৰ ফলত কেঁচুৱা সহ তেওঁ সোমাই পৰে দ’ গাঁতত।

তেওঁ সোমাই পৰা দেখি ওচৰৰ বহুতো লোক দৌৰি আহে তেওঁক উদ্ধাৰৰ বাবে।

এজন লোকে মহিলা গৰাকীক বচাবলৈ লগে লগে সোমাই পৰে গাঁতটোত।

সেই অনুসৰি তেওঁ উদ্ধাৰ কৰে শিশু সহ মহিলা গৰাকীক। দুয়াে বিপদমুক্ত বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ নলাৰ ওপৰত শিশুৱে ফুটালে ফটকা, ঘটিল ভয়ংকৰ ঘটনা…

Leave a Comment