কাৰাগাৰৰ পৰা পলায়ন, শহুৰেকৰ ঘৰৰ পৰা পুনৰ আটক

দুদিন পূৰ্বে বৰপেটা জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীক গ্ৰেপ্তাৰ শহুৰেকৰ ঘৰৰ পৰা।

উল্লেখ্য যে বৰপেটাৰ সনকুছি কলনিৰ মজিবৰ ৰহমানৰ পুত্ৰ আৰিফুল ইছলামে মংগলবাৰে নিশা প্ৰায় ১১ বজাত কাৰাগাৰৰ পৰা পলায়ন কৰে।

পাছত নিশা প্ৰায় তিনি বজাত বন্দী পলায়ন কৰা বুলি খবৰ লাভ কৰি বৰপেটা জিলা কাৰাধ্যক্ষ তাপস ভূঞাই আৰক্ষী আৰু কাৰাগাৰৰ কৰ্মচাৰীসকলৰ সহযোগত অভিযান আৰম্ভ কৰে আৰু বুধবাৰে পুৱাই বৰপেটা জিলাৰ চালটা বজাৰত থকা আৰিফুলক শহুৰেকৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে যোৱা ৬ নৱেম্বৰত বৰপেটা চহৰৰ সুন্দৰীদিয়া কলয়াহাটীৰ ধনঞ্জয় ওজাৰ ঘৰৰপৰা ই-ৰিক্সাত দুই বান্দিল লোহাৰ ৰড চুৰি কৰি নিবলৈ ধৰোতেই ৰাইজে কৰায়ত্ত কৰিছিল চোৰজনক আৰু ৭ নৱেম্বৰৰ পৰা লোহা চুৰি গোচৰত বিচাৰাধীন বন্দী হিচাপে বৰপেটা জিলা কাৰাগাৰত বন্দী হিচাপে আছিল আৰিফুল।

আৰুফুলে ঘটনাৰ নিশা খিৰীকিৰে পলায়ন কৰিছিল।

লগতে চাওকঃ

মৰ্মান্তিক! ওপজা দিনতে পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পাৰ্থ প্ৰতিমৰ

Leave a Comment