কাৰামুক্ত হৈ পুনৰ চাকৰিত যােগদান SI জোনমণি ৰাভাৰ…

কাৰামুক্ত হৈ পুনৰ চাকৰিত যােগদান SI জোনমণি ৰাভাৰ…

August 15, 2022 Off By NEWS DESK

নিউজ ডেস্ক। কাৰামুক্ত হৈ পুনৰ চাকৰিত যােগদান কৰিলে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জােনমণি ৰাভাই।

প্ৰৱঞ্চনাৰ গােচৰত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জােনমণি ৰাভাই যােৱা ৮ জুলাইত ন্যায়ালয়ৰ পৰা জামিন লৈ মুকলি আকাশৰ তললৈ আহিল।

ইয়াৰ পিছতে সোমবাৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আৰক্ষীৰ পোছাকত দেখা পোৱা গ’ল এছআই গৰাকীক।

উল্লেখ্য যে, ভাৱীস্বামী ৰাণা পগাগৰ সৈতে মিলি প্ৰৱঞ্চনা কৰাৰ অভিযোগত ৪ জুনত গ্ৰেপ্তাৰ কৰা হৈছিল নগাঁও আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাক।

জোনমণিয়ে পৰৱৰ্তী সময়ত সম্পূৰ্ণ এমাহ ৪ দিন কাৰাগাৰত বন্দীত্বৰ জীৱন পাৰ কৰিবলগীয়া হৈছিল।

আনহাতে প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছতে চাকৰিৰ পৰাও নিলম্বন কৰা হৈছিল জোনমণি ৰাভাক। কিন্তু ৮ জুলাইত জামিনত মুক্তিলাভ কৰাৰ পিছতে তেওঁ পুনৰ আৰক্ষীত যোগদান কৰে।

পুনৰ খাকী পোছাকত জনমানসৰ চকুত পৰা জোনমণি ৰাভাক লৈ সেয়ে এতিয়া সামাজিক মাধ্যমত চলিছে চৰ্চা।